পৃষ্ঠা:চিন্তা-কলি.djvu/৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
চিন্তা-কলি

তাত যেনে বিষাদৰ বিননি আছে, তেনে আনন্দৰ কিৰিলিও আছে, বিপদৰ কাঁইটনি আছে, সম্পদৰ ফুলনি আছে। ই উত্তম আৰু অধমৰ মিলন ভূমি, আনন্দৰ আৰু বিষাদৰ ওভতনি। ইয়াৰ এক দিশত হাঁহাঁকাৰ ৰোল, এক দিশত উৎস্বৱৰ জয়ঢোল শুনা যায়। দোষ কেৱল যাত্ৰীৰ। কোনো যাত্ৰীৰ জয়ঢোল মিলে, কোনো যাত্ৰীৰ হাঁহাঁকাৰ মিলে। যাত্ৰীৰ বিদ্যা বুদ্ধি বা প্ৰবৃত্তি অনুসৰি সংসাৰ অমৃতময় বা গলময় হয়। সংসাৰ যাত্ৰী এটাইবিলাক শিত্ৰ নিচিনা নিৰ্ব্বোধ নহয়। সকলোৱে সংসাৰৰ মোহিনী মূৰ্ত্তি দেখি তাৰ সন্ধি সঙ্কটৰ প্ৰতি অন্ধ নহয়। এভাগে যদিও উতনুৱা স্বভাৱৰ গুণত নিঃসম্বলে সংসাৰ প্ৰবেশ কৰি যাতনা জীয়াতু লাভ কৰে। এভাগে আকৌ সংসাৰৰ পাৰত বহি তাৰ আও-ভাওৰ ভূ-ভা লৈ, সাৱধানে সসম্বলে সংসাৰ প্ৰবেশ কৰে, আৰু জীয়াতুৰ সলনি অময়া সুখ সম্পদ লাভ কৰে। এই শ্ৰেণীৰো অলেখ যাত্ৰীয়ে জাকে জাকে সততে সংসাৰত খোৱা দিব লাগিছে, আৰু সুকলমে সংসাৰ তৰি ইপৰীয়াক জগৎভেদী সুৰে ৰিঙ্গিয়াই কব লাগিছে যে সংসাৰ সুখৰ আলয়, সাৱধানে চলিলে যাতনাৰ কোনো শঙ্কা নাই। এইটো সংসাৰৰ চিৰবাহী অমৃত প্ৰবাহ। অমৃত আৰু গৰল এই দুই প্ৰবাহেৰে সংসাৰ গঠিত হৈছে।

 সংসাৰৰ গৰল ধাৰটো গুচাবলৈ অমৃত পথৰ মনুষ্যই আদিৰ পৰা পুৰুষাৰ্থ কৰিছে। কিন্তু ধাৰৰ ভ্ৰুভঙ্গি নাই।