পৃষ্ঠা:চিন্তা-কলি.djvu/৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
চিন্তা-কলি

কাল আন্ধাৰ দেখে। শেষত যাতনাত জুৰুলা হৈ, বিষাদত বিমৰিষ হৈ, হেলাই-হেপাই, সি সিপাৰ উঠে, আৰু ক্ষীণ সুৰে ইপৰীয়াক ৰিঙ্গিয়াই কয়, “হে মানৱসকল! সাৱধান হবা, সংসাৰৰ মোহিনীত পৰি যেন ভোল নোযোৱা।’ কিন্তু ইপৰীয়াৰ কাণ গধুৰ। সংসাৰৰ মোহিনীত পৰি, চকু-কাণ বজ্জিত হৈ, সেই সতৰ্কবচন উপলঙ্ঘা কৰি, লাখে লাখে, জাকে জাকে, সংসাৰত জাপ দি বুৰ যাব লাগিছে। আৰু সেইদৰে ৰিঠা-গৰণি খাই যাতনা ভুঞ্জি সিপাৰ হৈ, ইপৰীয়াক ৰিণিকি-ৰিণিকি ৰিহেৰে ততোৱাল কৰিছে। সংসাৰৰ এইটো চিৰবাহী গৰল প্ৰবাহ।

 গৰল প্ৰবাহৰ যাত্ৰীবিলাক স্বভাৱত শিশুৰ নিচিনা। শিশুৱে সুন্দৰ দেখি ফেঁটীৰ ফেণাত হাত বুলায়, সুন্দৰ দেখিলে বিহ ফলতো মুখ দিয়ে। সেইদৰে এই শ্ৰেণীৰ যাত্ৰীবিলাকেও বাজৰ লাৱণ্যত মোহিত হৈ বস্তুৰ আচল প্ৰকৃতি চিনিব নোৱাৰে। ফলত সিহঁতে পৰম বৈৰীক সুহৃদ জ্ঞান কৰি অন্তত অনন্ত নিকাৰ ভুঞ্জে। কিন্তু সেইবাবে সংসাৰ কেৱল গৰলময় বুলি বিবেচনা কৰা উচিত নহয়। অময়া সুখৰ উপকৰণো তাত উপচি আছে। যদিচ এঠাইত দাৰিদ্ৰৰ হিয়া বিদাৰক জুৰুলা মূৰ্তি দেখিবলৈ পোৱা যায়, সেইদৰে আকৌ ঐশ্বৰ্যৰ মোহন মূৰ্ত্তিৰো তাত অভাৱ নাই। এঠাইত ৰুগীয়াৰ কৰুণ বিননি শুনিবলৈ পালেও, এঠাইত বলিষ্ঠ মল্লৰ আস্ফোট দম্ভালি দেখিবলৈ পোৱা যায়। সংসাৰ বহুৰূপী।