পৃষ্ঠা:চিন্তা-কলি.djvu/৯

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে
চিন্তা-কলি।

সি আদিৰ প্ৰতাপে, আদিৰ পৰাক্ৰমে, ফেনে ফোটোকাৰে এই পৰিমিত বৈ আছে। বেদ, উপনিষদ, শ্ৰুতি, স্মৃতি, ভাগৱত, পুৰাণ ইত্যাদি নানা বিধেৰে ভেটা দিয়াটো ধাৰৰ গতি ৰোধ নহল। শিক্ষাদাতা, দীক্ষাদাতা, সমাজ, সম্ৰাট সকলোৱে গৰল ধাৰৰ হাতত পৰাজয় মানিছে। সি বেদ বেদাঙ্গ, শিক্ষা দীক্ষা, সকলোকে তল পেলাই অমূৰ্ত্তক বেগে চলিব লাগিছে। গৰল প্ৰবাহৰ আচৰিত ক্ষমতা, অহোপুৰুষাৰ্থ কৰিও মানুহে তাৰ গৰলৰ হাত এৰাব পৰা নাই। জীৱনৰ উদয়ৰপৰা অস্তলৈকে মানুহে কেৱল তাৰেই মন্ত্ৰ শিক্ষা কৰে, তাৰেই বুদ্ধি পাঙে, শৈশৱ কালত অধ্যাপকে শিক্ষা দিয়ে, যৌৱনত গুৰুৱে দীক্ষা দিয়ে; তদুপৰি ৰজা আৰু সমাজ উভয়েই নানাবিধ কঠোৰ বিধি ব্যৱস্থা কৰি সততে শাসন কৰে। তদপি নিৰ্গত মানুহে গৰল নেৰে। বেদৰ বচন, ৰজাৰ শাসন, ভাগৱত পুৰাণৰ দৃষ্টান্ত একোৱে তাৰ প্ৰবৃত্তি লৰাব নোৱাৰে। হাজাৰ উপদেশ দিলেও, হাজাৰ শাস্তি পালেও, চোৰে কদাপি চুৰি নেৰে, হিংসকে হিংসা নেৰে, শঠে শঠালি নেৰে। সিহঁতে প্ৰবৃত্তিৰ চহনিত ভোল গৈ, শিকনি বুজনি ঠেলি থৈ, অমৃতক আওহেলা কৰি গৰলত মুখ দিয়ে।

 আগতে কোৱা হৈছে যে, যাত্ৰীৰ প্ৰবৃত্তি অনুসৰি সংসাৰ অমৃতময় বা গৰলময় হয়। যাত্ৰীৰ প্ৰবৃত্তি সজ হলে সি অমৃত লাভ কৰে, আৰু অসজ হলে গৰল লাভ কৰে। কিন্তু