পৃষ্ঠা:চিন্তা-কলি.djvu/৬

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে
চিন্তা-কলি।
 

কানন, সুখৰ কোমল শয্যা যেন বোধ হয়। মুখাৰ গুণত তাৰ যথাৰ্থ ৰূপ দেখা নাযায় সংসাৰৰ লহৰি, সংসাৰৰ সোঁত, সংসাৰৰ গ্ৰাহ-কুম্ভীৰ আদি বৈৰীবোৰ সকলোৱে মুখা পিন্ধি মোহিনী ৰূপ ধৰি থাকে। তাত শত্ৰুৱে মিত্ৰৰ ভাও দিয়ে, সঙ্কটে সুচলৰ ভাও দিয়ে, বিপদে সম্পদৰ ভাও দিয়ে৷ সেই নিমিত্তে নতুন যাত্ৰীয়ে সংসাৰত ভয়ৰ কোনো কাৰণ দেখিবলৈ নাপায়; মোহিনী মুখাৰ ভাওনাত ভোল গৈ, হিতাহিত জ্ঞান হেৰুৱাই, সংসাৰৰ আচল স্বভাৱৰ প্ৰতি অন্ধ হৈ, উত্ৰাৱল চিত্তে, বিনা সম্বলে, তাত জপিয়াই পৰে, আৰু অমূৰ্ত্তক সোঁতত পৰি বায়ুবেগে সিপাৰলৈ যাবলৈ ধৰে। তেতিয়া তাৰ জ্ঞান-নেত্ৰ মেল খায়, আৰু দেখে যে, সংসাৰৰ সেই বিতোপন ৰূপ নাই, সংসাৰ আনন্দৰ নন্দন কানন নহয়, সাগৰৰ নিচিনা সিও সঙ্কটৰ চাকনৈয়া, বিপদৰ বেমেজালি। তাতে লক্ষ লক্ষ পৰ্ব্বত সদৃশ লহৰিয়ে ভৈৰব হুঙ্কাৰ ছাৰি, ইপাৰ-সিপাৰ বাগৰি খলকনি লগাইছে। তাত কুম্ভীৰ ঘঁৰিয়ালৰ লেখ নাই, সন্ধি সঙ্কটৰ সীমা নাই। তাত সুচল নাই, সম্পদ নাই। সুহৃদে মুখা পেলাই বৈৰীৰ মূৰ্ত্তি ধৰে, আৰু সুচলে অসুচল হৈ কদৰ্থনা কৰে।তেতিয়া যাত্ৰীৰ জ্ঞানৰ দীপ্তি জ্বলি উঠে। তেতিয়া সি মুখ আৰু মুখাৰ প্ৰভেদ দেখিবলৈ পায়। কিন্তু হাঁয়! তেতিয়া আৰু উপায় নাই, তেতিয়া জীৱনৰ গধূলি, আয়ুস-ৰবি ক্ৰমে অন্ত গৈ আহে, ভুল শুধৰাবৰ সময় নাই। তেতিয়া যাত্ৰী বিমোৰ হৈ চাৰিও