পৃষ্ঠা:চিন্তা-কলি.djvu/১৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
চিন্তা-কলি।

অপৰিবৰ্ত্তনীয় অখণ্ডনীয় সীমা নিৰ্ধাৰিত কৰি দিছে। সেই সীমাৰ ইপাৰত অমৃত, আৰু সিপাৰত গৰল প্ৰবাহ। যি সীমাৰ ভিতৰত থাকে, সি অমৃত পায়, আৰু যি সীমা উলঙ্ঘি যায়, সি গৰল প্ৰৱাহত পৰে। সীমাৰ ভিতৰত থাকিবৰ একমাত্ৰ উপায় জ্ঞান। অমৃত পথৰ মানুহে সংসাৰত পাৰি দিবৰ আগে জ্ঞান যতনাই লয়। জ্ঞান বুদ্ধি সংসাৰ যাত্ৰাৰ সম্বল, তাক যুগুত নকৰাকৈ সংসাৰত বাতুলৰ নিচিনা জাপ দিয়া উচিত নহয়। সংসাৰ ভ্ৰমণ মনুষ্যৰ অখণ্ডনীয় বাসনা। এতেকে তাক ধেমালিৰ কথা বুলি বিবেচনা কৰা অনুচিত। কোনো ডাঙ্গৰ কামত হাত দিবৰ আগেয়ে মানুহে নানাবিধ মঙ্গলাচৰণ কৰে, নানাবিধ আয়োজন কৰে। সংসাৰ প্ৰবেশ ৰবিৰ তলত এটা গুৰুতৰ কাম। উচিত আয়োজন নকৰাকৈ সেই কামত হাত দিলে অসংখ্য বিপদৰ মুখত পৰিব লাগে। তেনে মানুহক সংসাৰে মুখা পিন্ধি ছলিব পাৰে।

 ধন অমৃত প্ৰবাহৰ এটা ভূমুক। ধনেৰে সংসাৰসুলভ সকলো সম্পদ কিনি লব পাৰি। কিন্তু ধন গৰল প্ৰবাহৰো এটা প্ৰধান ভূমুক। ধনৰপৰা যেনে সম্পদৰ উদয় হয়, তেনে নানাবিধ বিপদৰো উদয় হয়। কুচিন্তা, কন্দল আৰু ভয় ধনৰ লগৰীয়া। অত্যাচাৰ, উৎপীড়ন ধনীৰ ধৰ্ম্ম। ধনে দৈন্য হৰণ কৰে সঁচা, কিন্তু অকল দৈন্যই সংসাৰৰ গৰল নহয়। সংসাৰ গৰল নানাবিধ আকটা উপাদানেৰে নিৰ্ম্মিত। গৰল প্ৰবাহ অসংখ্য সূঁতিৰ সমষ্টি। ধনে সেই সূঁতিবোৰৰ এটা