পৃষ্ঠা:চিন্তা-কলি.djvu/১২

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে
চিন্তা-কলি।


অমৃত-মাধুৰীৰ উপলব্ধি নহয়। দুখেৰে সৈতে ৰিজাই নাচালে সুখৰ সোৱাদ বুজিব নোৱাৰি। সেই দেখি মনুষ্যৰ মনত সুখ দুখৰ যথাৰ্থ জ্ঞান ওপজাবলৈ জগতৰ গৰাকীয়ে সংসাৰত গৰল আৰু অমৃত উভয়ৰে বিধান কৰিছে। এতেকে সংসাৰ গৰল একেবাৰে নিৰ্ম্মল কৰা অসাধ্য, আৰু তালৈ যত্ন কৰাও অনুচিত। এই নিমিত্তে জ্ঞানী সংসাৰ যাত্ৰীবিলাকে গৰল নিৰ্ম্মূল কৰিবলৈ চেষ্টা নকৰি তাৰ তেজ কমাবলৈ চেষ্টা কৰে, কিয়নো নিস্তেজ হলে গৰলে উপদ্ৰৱ কৰিব নোৱাৰে।

 অসজ বৃত্তিবোৰ শাসনৰ অধীনত ৰাখিব পাৰিলে গৰলৰ তেজ হ্ৰাস হয়। বৃত্তি নাশন যদিচ দুষ্কৰ, বৃত্তি শাসন দুষ্কৰ নহয়। অনেক মানুহে শাসনত কৃতকাৰ্য লাভ কৰি সংসাৰত সুখে সুকলমে জীৱন কটাইছে, আৰু অমৃত প্ৰবাহৰ বৃদ্ধি সাধন কৰিছে। পৰিমিত ব্যৱহাৰ বৃত্তি শাসনৰ গঢ় মন্ত্ৰ। পৰিমিত মথনত সমুদ্ৰৰপৰা অমৃত নিঃসাৰিত হৈছিল, কিন্তু উগ্ৰ মথনত গৰলৰ উৎপত্তি হল। কোনো বস্তুৰেই উগ্ৰ ব্যৱহাৰ কৰিব নোৱাৰি, কৰিলে তাৰ বিষময় ফল ফলে। বিশ্বৰ গৰাকীয়ে মনুষ্যক নানা তৰহৰ সামগ্ৰী দান কৰিছে, আৰু সামগ্ৰীবোৰৰ পৰিমাণ অক্ষয় অব্যয় কৰি দিছে। কিন্তু সিহঁতৰ ব্যৱহাৰ সম্বন্ধে এটা অলঙ্ঘ্য সীমা বান্ধি থৈছে। সেই সীমা ইচ্ছা বা অনিচ্ছা, ভুলত বা ভ্ৰান্তিত অতিক্ৰম কৰিলেই তদণ্ডে তাৰ দণ্ড মিলে। এই দণ্ডই সংসাৰৰ গৰল। বৃত্তিও ঈশ্বৰৰ দত্ত বস্তু, তাৰ ব্যৱহাৰ সম্বন্ধেও এটি