পৃষ্ঠা:চিন্তা-কলি.djvu/১৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১০
চিন্তা-কলি।

গুচাই, তাৰ থলত সহস্ৰটা যোগ দিয়ে। কিন্তু শাসিত বৃত্তিৰে সৈতে গোট খাই ধনে নিভাঁজ অমৃত উৎপাদন কৰিব পাৰে। ধনীৰ প্ৰবৃত্তি ভাল হলে সি নিজৰ আৰু আনৰ দুখ হৰণ কৰি অমৃত বিস্তাৰ কৰিবলৈ পাৰ্গত হয়। এতেকে ধনীৰ পক্ষেও বৃত্তি শাসন নিতান্ত প্ৰয়োজন। কেৱল ধন উপাৰ্জ্জনৰ উপায় শিক্ষা কৰিলেই অমৃত লাভ নহয়। অমৃত পথৰ লোকে অৰ্থকৰী বিদ্যা আৰু গৰলহাৰী জ্ঞান উভয়কে যতনাই লৈহে সংসাৰত খোৱা মেলে।