পৃষ্ঠা:চিত্ৰ-ভাগৱত.pdf/১২৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
চিত্ৰ-ভগৱত
चित्र-भागवत
( ১০৩ )
 গোপী।  গোপীসবে বস্ত্ৰ পিন্ধি কৃষ্ণক নমিছা।  

 শ্ৰীকৃষ্ণৰ গোপীসকলক আশ্বাসঃ— গোপীবিলাকে দুই হাত পাতি খোজাত কৃষ্ণই গোপীবিলাকক কাপোৰ দিলে; গোপীবিলাকে কাপোৰ পিন্ধি আঠু লৈ কৃষ্ণক স্তুতি কৰিব ধৰিলে। কৃষ্ণই গোপীবিলাকৰ মাজত বহি আগহাত দাঙি আশ্বাস দিছে— হে গোপীসকল, তোমালোকে কাত্যায়ণী পূজাৰ ফল পাবা। মোৰ লগত শৰংকালত ক্ৰীড়া কৰিব পাৰিবা; এতিয়া ঘৰলৈ যোৱা।

“আসিবে শৰৎ  ৰাত্ৰি বিতোপন
বিকশিত বৃন্দাবন।
মই সমন্বিতে  কৰিবাহা ক্ৰীড়া
পৰম আনন্দ মন॥”

 গোপীসকল আৰু শ্ৰীকৃষ্ণৰ গোকুললৈ প্ৰত্যাবৰ্তনঃ ভগবান কৃষ্ণই গোপীবিলাকক আশ্বাস দি বিদায় দিলত, কৃষ্ণাসক্ত গোপীসকল কোনোৱে কৃষ্ণৰ ফালে, কোনোৱে পাছৰ ফালে আৰু কোনো কোনোৱে গন্তব্য পথৰ ফালে চাই গোকুললৈ গল।

 श्रीकृष्णका गोपियों को आश्वास: जब गोपिनीगणने दोनों हाथ पसार वस्त्र मांगे तो कृष्ण ने गोपियोंको कपड़े दे दिये। गोपिनोगण कपड़े पहनकर घुटने टेककर कृष्णकी स्तुति कर रहीं हैं। कृष्ण गोपियों के बीच में बैठकर दाहिना हाथ उठाकर आश्वासन दे रहा है— हे गोपियों, तुमलोगोंको कात्यायनी पूजाका फल मिलेगा। मेरे साथ शरत्​कालमें कोड़ा कर सकोगी। अब घर लौट जाओ।

 

 गोपियों और श्रीकृष्णका गोकुल में प्रत्यावर्त्तन : भगवान कृष्णके बिदा देने के बाद भी कृष्णासक्त गोंपियाँ कृष्णकी ओर देखती देखती गोकुल में आ रही हैं। कृष्णभी हाथ