পৃষ্ঠা:চিত্ৰ-ভাগৱত.pdf/১২৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
চিত্ৰ-ভাগৱত
चित्र-भागवत
( ১০২ )

 গোপীৰ প্ৰাৰ্থনাত কৃষ্ণই গোপীসকলক পানীৰ পৰা উঠি আহি কাপোৰ নিবলৈ কোৱাত গোপীবিলাকে এখন হাতেৰে গুপ্তাঙ্গ ঢাকি আন হাত তুলি লাজকুৰীয়া ভাৱে পাৰলৈ উঠি আহি কাপোৰ দিবলৈ কৃষ্ণক কাকূতি কৰিলে৷ তেতিয়া কৃষ্ণই এক হাতেৰে কাপোৰ খুজিব নাপায় বুলি আগ হাত দাঙি নিষেধ কৰি কাপোৰ কান্ধত লৈ কদমৰ তলত থিয় দিলেহি।

 गोपियों की प्रार्थना पर कृष्ण ने जब गोपियों से कहा कि पानीसे निकल कर कपड़े ले लो तो गोपीगणने एक हाथसे गुप्तांग ढक कर लजाते हुए किनारे आकर कपड़ा देनेके लिए कृष्ण से विनती की। तब कृष्ण एक हाथसे कपड़ा मांगना नहीं चाहिए कह कर दाहिने हाथको उठा कर मना करते करते कपड़ों को कंधेपर ले कर कदम्बके नीचे आ गया।

 যমুনা।  গোপীসবে তুতি কৰিছা। কৃষ্ণত বস্ত্ৰ মাগিছা। শ্ৰীদাম গোপ।  

 গোপীবিলাকে নিৰুপায় হৈ কৃষ্ণৰ আদেশ মতে হাত পাতি কৃষ্ণত কাপোৰ মাগিছে। কদমৰ তলত কৃষ্ণই বাঁওহাতেৰে কাপোৰবোৰ লৈ আগ হাত দাঙি কোনো লাজ নাই বুলিয়ে যেন গোপীবিলাকক লাজ কৰিবলৈ হাক দিছে। সেই সময়ত শ্ৰীদাম গছতলৰ একাষত থিয় হৈ বাঁহী বজাই আছে।

 गोपिनीगण लाचार होकर कृष्ण के आदेश अनुसार दोनों हाथों को फैलाकर कृष्णसे कपड़े मांग रही हैं। कदम्बके नीचे कृष्ण बायें हाथसे कपड़ोंको लेकर दाहिना हाथ उठाकर कोई शर्म नहीं कहकर मानो गोपियों को लज्जा करनेको मना कर रहा है। उस समय श्रीदाम, पेड़के नीचे एक किनारे खड़ा होकर बाँसुरी बजा रहा है।