পৃষ্ঠা:চাকৰি ক’তেনো পাম.pdf/৮৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
আমাৰ মা হিৰণ্ময়ী দেৱী সম্পৰ্কে দুআষাৰ
৮৩

ভাষাৰ কাকতত প্ৰকাশ পাইছিল। তাৰেই কিছু অসমীয়া ভাঙনি তলত দিয়া হ'ল—

 “তেওঁ প্ৰধানতঃ কবি আৰু অনুবাদিকা হিচাপেই খ্যাত অনুবাদ খুব সাৱলীল। শিশুসকলৰ বাবেও কেইবাখনো কিতাপ লিখাৰ লগতে প্ৰবন্ধ সংকলনো প্ৰকাশ কৰিছে। এইবোৰৰ বাহিৰেও হিৰণ্ময়ী দেৱীৰ আন এক মহৎ সাহিত্য কৰ্ম হৈছে—কেইবাগৰাকী মহীয়সী নাৰীৰ জীৱনী গ্ৰন্থ ৰচনা। ....... এটা কথা ভাবি অবাক হওঁ— ইমান গ্ৰন্থ লিখিও হিৰণ্ময়ী দেৱীয়ে কোনো পুৰস্কাৰ বা স্বীকৃতি লাভ কৰা নাই। অমলপ্ৰভা দাস আৰু চন্দ্ৰপ্ৰভা শইকীয়ানীৰ নামত চৰকাৰে দুটা পুৰস্কাৰ দিছে, কিন্তু যাক দিছে কি কাৰণে দিয়া হৈছে ভাবিলে অবাক হওঁ৷”

 এইখিনিতে উল্লেখযোগ্য যে মায়ে অমলপ্ৰভা দাসৰ এখন অসমীয়া জীৱনী ইংৰাজীলৈ অনুবাদ কৰাৰ লগতে চন্দ্ৰপ্ৰভা শইকীয়ানীৰ জীৱনী গ্ৰন্থ এখনো লিখি উলিয়াইছিল।

 নিৰুপমা বৰগোহাঞি বাইদেউৰ একে ধৰণৰ লিখনি এটা কোনোবা এখন অসমীয়া কাকততো প্ৰকাশ পাইছিল। পিছে আমাৰ লগত বৰ্তমান সেইখন নথকাত তাৰ উদ্ধৃতি দিয়া নহ’ল। এইখিনিতে উল্লেখযোগ্য যে পিছলৈ মায়ে ২০১৭ চনৰ নিৰ্মলপ্ৰভা বৰদলৈ সাহিত্য বঁটা লাভ কৰে।

 মাৰ সাহিত্য কৃতি সম্পৰ্কে অন্য এগৰাকী কৃতি লেখিকা ড° অনিমা গুহৰ মন্তব্য—

 “হিৰন্ময়ী দেৱীৰ ৰচনাসমূহ পঢ়ি উপলব্ধি কৰোঁ যে তেখেত এগৰাকী সমাজৰ প্ৰতি দায়বদ্ধ, অনুভূতিশীল লেখিকা। তেওঁৰ ভাষা শুৱলা আৰু সাৱলীল। শিশুৰ মনস্তত্ব বুজিৰ পৰা তেওঁৰ এখন কোমল হৃদয় আছে।”

 সাংবাদিক তথা সুলেখিকা মাইনী মহন্তই মাৰ সাহিত্য সেৱা সম্পৰ্কে লিখিছে—

“নীৰৱ সাহিত্য সেৱা তথা সাধনাৰে ব্যক্তিগত পৰ্যায়ত বিশেষ বঁটা-বাহনৰ স্বীকৃতি লাভ নকৰিলেও সমাজক সমৃদ্ধ কৰাত যিসকলৰ লেখা অৱদানস্বৰূপ, তেনে প্ৰতিভাৰ জেউতিৰে জিলিকা এই গৰিয়সী নাৰী হিৰণয়ী দেৱী৷ সাহিত্যকৃতিৰ ক্ষেত্ৰত তেওঁ যেন দশভূজা।”