পৃষ্ঠা:চাকৰি ক’তেনো পাম.pdf/৮৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৮২
চাকৰি ক'তেনো পাম?

ধেমালিৰ ছলেৰে শিক্ষা দিয়াটো এটা সজ নিয়ম। কিন্তু কিবা শিকাইছে বুলি জানিলে শিশুৰ মন এঙায়। সেই কথা হিৰণ্ময়ী দেৱীয়ে জানে। শব্দৰ ধেমালি, এখনৰ পিছত এখনকৈ (বৰং এখনৰ ওপৰতে আন এখনকৈ) ছবিবোৰ ল'ৰা-ছোৱালীয়ে ভাল পায়, কাৰণ তেওঁলোকে তাত নিজক দেখে।

 শব্দৰ এই যাদুৰ লগত হিৰন্ময়ী দেৱী যে পৰিচিত সেই কথাটো ফুটি ওলাইছে এই খুদ খুদ আওৰাব পৰা পদবিলাকত। ইয়াৰ লগত যদি একোখন ছবি দিয়ে হয়তো সোণত সুৱগা চৰিব; কিন্তু ৰং-তুলিৰে অঁকা ছবি থাকক বা নাথাকক ইয়াৰ কথাৰে আঁকা ছবিবোৰ শিশুৰ মনত থাকিব বুলিয়েই মোৰ বিশ্বাস।”

 ইংৰাজীৰ পৰা অসমীয়ালৈ অনুবাদ কৰা ‘এ’ৰৰ অব্ জাযমেণ্ট্'ৰ (প্ৰথম প্ৰকাশ ২০০৭) সম্পৰ্কে শ্ৰীযুত হীৰেন গোহাঁইদেৱে লিখিছিল—

 "শ্ৰীযুতা হিৰণ্ময়ী দেৱীৰ ভাষা এনে সৰস আৰু সাৱলীল যে অনুবাদ যেনেই নালাগে৷ ........."

 জীৱনী গ্ৰন্থ ‘পুষ্পলতা দাস তেওঁৰ জীৱন আৰু অনুভৱ'ৰ (প্ৰকাশ ১৯৯৯) আগকথাত স্বৰ্গীয় লক্ষ্যধৰ চৌধুৰীদেৱে লিখিছিল—

 ......পুথিখন পঢ়ি অভিভূত হ'লো।.....পুষ্পলতা দাসৰ শিশুকালৰে পৰা আজিৰ চাৰি কুৰি বছৰৰ সীমা পাৰ হোৱালৈকে সবিশেষ গভীৰ আন্তৰিকতাৰে, অতি প্ৰাঞ্জল ভাষাত লিখি উলিয়াইছে। আমাৰ বোধেৰে লেখিকাৰ শ্ৰম সাৰ্থক হৈছে। পুথিখনি ছপা হৈ ওলালে অসমীয়া ভাষা-সাহিত্যলৈ এখনি বাছকবনীয়া জীৱনী পুথি আগবঢ়োৱাৰ লগতে স্বাধীনতা আন্দোলনৰ বহু কথা, বহুজনৰ ত্যাগ, জীৱন আহুতিৰ কাহিনীয়ে পাঠকৰ চেতনাক উদ্বুদ্ধ কৰিব!...'

 পুষ্পলতা দাস, ইন্দিৰা মিৰি আদি বৰেণ্য মহিলাসকলৰ জীৱনী লিখাৰ বেলিকা মায়ে প্ৰায়েই তেখেতসকলৰ ঘৰলৈ গৈ কথা পাতি পোৱা তথ্যৰ ওপৰতেই ভিত্তি কৰিছিল আৰু সেয়ে আমাৰ দৃষ্টিত যথেষ্ট বিশ্বাসযোগ্য।

 যশস্বী লেখিকা শ্ৰীযুতা নিৰুপমা বৰগোহাঞি বাইদেৱে মাৰ ওপৰত লিখা এটা প্ৰবন্ধ 'প্ৰচাৰ বিমুখ লেখিকা হিৰন্ময়ী দেৱী’ এখনি বঙালী