পৃষ্ঠা:চাকৰি ক’তেনো পাম.pdf/৮৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৮৪
চাকৰি ক’তেনো পাম

 মাৰ সাহিত্য প্ৰতিভাৰ মূল্যাংকন কৰাৰ যোগ্যতা নাথাকিলেও এই কথাত আমাৰ কোনো সন্দেহৰ অৱকাশ নাই যে তেওঁ জীৱনত যিখিনি কৃচ্ছু সাধনা কৰিলে সেয়া সঁচাকৈয়ে উল্লেখনীয়, প্ৰেৰণাদায়ক। ১৯৩৩ চনত, অৰ্থাৎ আজিৰ পৰা ৮৬ বছৰ আগতে ছোৱালী হিচাপে জন্মগ্ৰহণ কৰি, অষ্টম শ্ৰেণীতে কামৰূপৰ গাঁৱলৈ বিয়া হৈ গৈ, সেই সময়ৰ সামাজিক ৰক্ষণশীলতাক অতিক্ৰমি, ছয়টি ল'ৰা-ছোৱালীক মাতৃৰূপে ডাঙৰ-দীঘল কৰাৰ লগতে অন্যান্য বাধা-বিঘিনি অতিক্ৰম কৰি ইংৰাজী সাহিত্যত এম.এ. কৰা আৰু সুদীৰ্ঘ কাল ইংৰাজী বিষয়ৰ শিক্ষয়িত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰাৰ মাজে মাজে সাহিত্য সেৱা কৰাটো আমাৰ চকুত সঁচাকৈয়ে মাৰ জীৱনৰ এক অনন্য সফলতা। মাৰ সাহিত্য সাধনাৰ ক্ষেত্ৰত আমাৰ চকুত পৰা আন এক দিশ হৈছে— কবিতা, প্ৰবন্ধ, শিশু-সাহিত্য, জীৱনী-সাহিত্য, অনুবাদ-সাহিত্য, ভ্ৰমণ-সাহিত্য সকলোতে তেওঁ হাত ফুৰাব পাৰিছিল।

 প্ৰত্যক্ষভাৱে নহ'লেও পৰোক্ষভাৱে মাৰ এই সফলতাত আমি আমাৰ পিতৃ স্বৰ্গীয় ৰতিকান্ত শৰ্মাদেৱৰ অৰিহণাও উপলব্ধি কৰো। আমাৰ দেউতা আছিল অতি সৎ, সাধাৰণভাৱে জীয়াই থাকি ভাল পোৱা এজন মানুহ। খেলাধূলা, খেতি-বাতি আদিৰ প্ৰতি বিশেষ ৰাপ থকা দেউতাই মাক সাংসাৰিক বিশ্বাসযোগ্যতাৰ সুস্থিৰতাৰে এক সুস্থ পৰিবেশ প্ৰদান কৰাৰ লগতে আমাক ডাঙৰ-দীঘল কৰাৰ ক্ষেত্ৰতো সক্ৰিয়ভাৱে সহযোগ কৰিছিল।

 ৯ জানুৱাৰী, ২০১৯ত মায়ে জীৱনৰ ৮৬ বছৰ সম্পূৰ্ণ কৰিলে। শাৰীৰিকভাৱে ঠিকেই আছে যদিও লিখা-পঢ়া কৰাৰ ক্ষমতা বৰ্তমান হেৰুৱাইছে। ঘৰৰ বাহিৰে বাকী সঘনাই লগ নোপোৱাসকলক সোনকালে চিনিও নাপায়। ২০১০ চনত ৯২ বছৰ বয়সত দেউতাই মৃত্যুবৰণ কৰাৰ দুই-চাৰি বছৰ পিছৰপৰা জন্মদিন ৯ জানুৱাৰীটো আমি মাৰ হতুৱাই ‘কেক্’ কাটি পালন কৰি আছো। অৱশ্যে মাৰ ৰুমতে পুত্ৰ-বোৱাৰী, জী-জোঁৱাই, নাতি-নাতিনীসকলৰ মাজতহে। মায়েও স্ফুৰ্তি পোৱাই দেখিছো। ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছো যাতে আমাক সেই পৰ্বটি পালন কৰি যাবলৈ আৰু কেইবছৰমান সময় দিয়ে।