পৃষ্ঠা:চাকৰি ক’তেনো পাম.pdf/৮০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৭৯
আমাৰ মা হিৰন্ময়ী দেৱী সম্পৰ্কে দুআষাৰ

মায়ে ‘দৈনিক অসম’, ‘অসম বাণী’ আদি কাকতত ঘাইকৈ কবিতা আৰু প্ৰবন্ধ লিখা আৰম্ভ কৰিছিল।

 আমি সৰু থাকোতে অৰ্থাৎ সত্তৰৰ দশকৰ মাজমানৰ পৰা মাৰ কবিতা, প্ৰবন্ধ বিচাৰি অহা কেইবাগৰাকী স্বনামধন্য লোকক আমাৰ শিলপুখুৰীৰ ঘৰত লগ পোৱা মনত পৰে। সেইসকলৰ ভিতৰত স্বৰ্গীয় চন্দ্ৰপ্ৰসাদ শইকীয়াদেৱ, প্ৰয়াত কবি বিৰিঞ্চি কুমাৰ ভট্টাচাৰ্য্য, শ্ৰদ্ধেয়া এলি আহমেদ আদি অন্যতম।

 এই সংক্ৰান্ততে আন এটি কথাও মনত পৰিছে। “শ্ৰীময়ী অসমীৰ শীতল বুকুত উঠে..” গীতটিৰ ৰচয়িতা প্ৰসিদ্ধ গীতিকাৰ, সুৰকাৰ স্বৰ্গীয় পুৰোষোত্তম দাস ডাঙৰীয়া কথাচলৰ ঘৰ এটিত বহু বছৰ ভাৰা কৰি আছিল। অসম আন্দোলনৰ সমৰ্থক দাসদেৱে আমাৰ ঘৰলৈ আহি আন্দোলনত দেহে-কেহে লগা মোৰ আন এজন দাদা কুশল কুমাৰ শৰ্মাৰ লগত প্ৰায়েই আন্দোলন সম্পৰ্কে আলোচনা-বিলোচনা কৰিছিল। মাৰ প্ৰথম কবিতাপুথি ‘মাটিৰ চাকিৰ শিখা' ১৯৭৯ চনত প্ৰকাশ হোৱাৰ পিছত তেখেতে এখন কিতাপ কিনি লৈ যায়। ইয়াৰ পিছত তেখেতে কিতাপখনৰ আৰু কেইবা কপিও কিনাত তেখেতক সোধা হ’ল যে তেখেতে বাৰে বাৰে কিয় কিনি নি আছে। তেখেতে উত্তৰ দিলে যে কবিতাকেইটি পঢ়ি তেখেতে ইমান ভাল পাইছে যে বিয়াই-সবাহে গৈ কিবা দিব লাগিলে। তেখেতে কিতাপখনৰ কপি এটাকেই কিনি নি দিয়ে।

 পুৰোষোত্তম দাসদেৱে ভালপোৱা মাটিৰ চাকি শিখা' নামৰ মাৰ প্ৰথম কবিতাপুথিখনিত থকা সন্তান’ নামৰ কবিতাটি তলত দিয়া হ'ল—

তোৰ চকুৰ নীলাত
মোৰ সুখৰ সূৰ্য্য জ্বলে,
তোৰ ওঁঠৰ হাঁহিত
মোৰ সপোন শেৱালি ফুলে,
তোৰ দুখৰ ডাৱৰ ফালি
বজ্ৰ-বিজুলীয়ে বুকু মোৰ দেই পুৰি মাৰে;
পাহৰিলোঁ কোনদিনা
মৃদু এক জাণকম্পনত
মোৰ সত্ত্বা ভাঙি খহি তোতে লীন হ’ল।