পৃষ্ঠা:চাকৰি ক’তেনো পাম.pdf/৮১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৮০
চাকৰি ক'তেনো পাম?

 পৃথিৱীৰ সকলো মাতৃৰে সেই একেই অনুভৱ। সন্তানে ভ্ৰণ হিচাপে মাতৃ গৰ্ভত থিতাপি লোৱাৰ দিন ধৰি মাকৰ নিজস্ব সুখ-দুখ, সমগ্ৰ সত্ত্বা সন্তানতে বিলীন হৈ যায়। মাৰ এই কবিতাটি মোৰ অতি প্ৰিয় কবিতাবিলাকৰ এটা। কবিতাটি কাগজত প্ৰকাশ পোৱাৰ কিছুদিন পিছত বৰেণ্য সাহিত্যিক, সমালোচক স্বৰ্গীয় মুনীন বৰকটকীদেৱে হেনো মাক লগ পাই কৈছিল যে 'সন্তান’ কবিতাটিয়ে তেখেতৰ অন্তৰ চুই গৈছে।

 ২০১৫ চনৰ আৰম্ভণিৰ সময়ৰ কথা। মাৰ বয়স তেতিয়া ৮২ বছৰ। হঠাতে এদিন মনলৈ ভাব আহিল—গোটেই জীৱন সংগ্ৰামৰ মাজেৰে লিখা-পঢ়া কৰি, নিজকে শিক্ষয়িত্ৰী হিচাপে আৰু লগতে নিজৰ ছয় সন্তানক প্ৰতিষ্ঠা কৰাৰ দায়িত্ব সুচাৰুৰূপে পালন কৰাৰ মাজে মাজে সময় উলিয়াই মায়ে যিখিনি সাহিত্য সেৱা কৰিলে, সেইখিনি ঘূপ খুৱাই ৰচনা- সমগ্ৰ হিচাপে উলিয়ালে হয়তো তেওঁ ভাল পাব। সেই মতে এদিন তেওঁৰ আগত প্ৰস্তাৱ ৰখাত মায়েও মোৰ প্ৰচেষ্টাত প্ৰুফ আদি চাই সহযোগ কৰাৰ প্ৰতিশ্ৰুতি দিলে।

 ২০১৫ চনৰ শেষৰ পিনে প্ৰকাশিত ৰচনা-সমগ্ৰখনিত মাৰ ইতিমধ্যেই কিতাপ আকাৰে প্ৰকাশ হৈ যোৱা ৩ খুন কবিতা পুথি, ২ খন প্ৰবন্ধ পুথি, শিশুসকলৰ বাবে গদ্য আৰু পদ্য আকাৰে লিখা ৭ খন পুথি, ৭ খন জীৱনী পুথি, ৮ খন অনুবাদ পুথি, কিতাপ আকাৰে প্ৰকাশ কৰিম বুলি থৈ দিয়া ৩ খন কিতাপৰ পাণ্ডুলিপি আৰু বিভিন্ন কাকত-আলোচনী আদিত প্ৰকাশিত আৰু অপ্ৰকাশিত কিছু প্ৰবন্ধ সন্নিৱিষ্ট কৰা হৈছিল।

 মাৰ সাহিত্যৰ মূল্যায়ন কৰিব পৰাকৈ সাহিত্য প্ৰতিভা আমাৰ নাই; পাঠক সমাজলৈ এৰিলো। কিন্তু মাৰ ইতিমধ্যে প্ৰকাশিত কিতাপসমূহৰ বিষয়ে দুই-এজন নমস্য সাহিত্যিকে আগবঢ়োৱা মন্তব্য উনুকিওৱাৰ লোভ সামৰিব নোৱাৰিলো।

 মাৰ প্ৰথম কবিতা পুথি ‘মাটিৰ চাকিৰ শিখা'ৰ (প্ৰথম প্ৰকাশ, ১৯৭৯) আৰম্ভণিতে ‘এজন পঢ়ুৱৈৰ একাষাৰ' শিতানত বিশিষ্ট সমালোচক স্বৰ্গীয় মুনীন বৰকটকীদেৱে লিখিছিল—

 “... মাটিৰ চাকিৰ শিখাৰ অন্তৰ্লীন আধুনিকতাৰ এটা মন কৰিবলগীয়া বৈশিষ্ট্য এই যে ভালেখিনি কবিতাত আধুনিক জীৱনৰ