পৃষ্ঠা:চাকৰি ক’তেনো পাম.pdf/৭৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৭৮
চাকৰি ক'তেনো পাম?

সময়ত মজিয়া সাৰি-মছি তাতেই ভাত দিছিল। আমিও মাৰ লগত বন্ধৰ সময়ত নাইবা বিয়া-সবাহত গাঁৱৰ ঘৰলৈ গৈছিলো। আমাৰ খুড়ী, বৰমা স্কুল গছকি নোপোৱা যদিও মায়ে তেওঁলোকক সেই কথা অনুভৱ কৰাৰ সুযোগ নিদি তেওঁলোকৰ লগত মিলি গৈছিল। সেয়ে সকলোৰে মৰমৰ ‘মাজু মাই’, ‘মাজু আবু' হ'বলৈ সক্ষম হৈছিল। মাৰ শাৰীৰিক অৱস্থাৰ বাবে আজিকালি দূৰলৈ নাযায়। কিন্তু আমি গাঁৱলৈ গ'লে ‘মাজু মাই’, ‘মাজু আবু'ৰ খবৰ লওঁতাৰ অভাৱ আজিও দেখা নাই।

 মাৰ নিচিনাকৈ কম বয়সতে বিয়া হৈ শিক্ষা-দীক্ষাৰ ক্ষেত্ৰত আগবাঢ়ি যোৱা নাৰী আৰু আছে নিশ্চয়। কিন্তু বেছিভাগেই সমাজ ব্যৱস্থাৰ বিৰুদ্ধে বিদ্ৰোহ কৰাৰ ফলত সাংসাৰিক দিশত কিছু উজুটি খাইছে। সেই ক্ষেত্ৰত মাৰ বিশেষত্ব এয়ে যে তেওঁ বিদ্ৰোহ ঘোষণা নকৰি সমাজ ব্যৱস্থাৰ সৈতে মিলি চলি গ'ল, হয়তোবা সেই বিদ্ৰোহী মন-শক্তিক বিভিন্ন ক্ষেত্ৰত ‘চালিকা শক্তি' কৰি আগবাঢ়ি যাবলৈ।

 অতি কষ্টৰ মাজেৰে পঢ়া-শুনা কৰি গাৰ্হস্থ্য ধৰ্মৰ প্ৰতিটো কামেই কৰাৰ ফাকে ফাকে মায়ে সাহিত্য সেৱাও কৰিছিল। আমি জনাত টি.চি. স্কুলৰ আলোচনীখনিৰ মা সদায়েই তত্ত্বাবধায়িকা শিক্ষয়িত্ৰী আছিল। ইয়াৰ উপৰিও মায়ে গুৱাহাটীৰ শৰণীয়া আশ্ৰম (কস্তুৰবা আশ্ৰম) আৰু বিবেকানন্দ কেন্দ্ৰৰ আলোচনী দুখনত প্ৰায়েই লিখা-মেলা কৰিছিল।

 মাৰ নিজৰ ভাষাৰেই—“কাব্য সাহিত্যৰ প্ৰতি আকৰ্ষণ শ্ৰদ্ধেয় পিতৃদেৱৰ পৰা উত্তৰাধিকাৰী সূত্ৰে পোৱা সম্পদ; প্ৰাথমিক বিদ্যালয়ত পঢ়ি থকা সময়তে তেখেতে মুখে মুখে শিকোৱা দুটা শাৰীৰ মনোৰম সংস্কৃত শ্লোকসমূহৰ কিছুসংখ্যক শ্লোক আজিও পাহৰা নাই। হাইস্কুলত পঢ়ি থাকোতে দুই-চাৰিটা কবিতা, প্ৰবন্ধ লিখিছিলোঁ যদিও কালৰ বুকুত হেৰাই গ'ল। কলেজ আৰু বিশ্ববিদ্যালয় পৰ্যায়ত পঢ়িবলৈ পোৱা সংস্কৃত আৰু ইংৰাজ কবিসকলৰ লেখাই মোৰ সাহিত্য-প্ৰীতিত সাৰ-পানী যোগাইছিল।”

 টি.চি. স্কুলৰেই মাৰ সহকৰ্মী প্ৰয়াত ডলী তালুকদাৰ বাইদেউৰ স্বামী স্বনামধন্য সাহিত্যিক তথা সেই সময়ৰ “দৈনিক অসম’ কাকতৰ সহকাৰী সম্পাদক স্বৰ্গীয় ফণী তালুকদাৰদেৱৰ উৎসাহতেই ষাঠিৰ দশকৰ পৰা