পৃষ্ঠা:চাকৰি ক’তেনো পাম.pdf/৭৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৭৫
আমাৰ মা হিৰন্ময়ী দেৱী সম্পৰ্কে দুআষাৰ

১৯৬৪ চনত মোৰ ষষ্ঠ তথা শেষ সন্তানটিৰ জন্ম হয়। তাৰ পিছত ১৯৬৭ চনত প্ৰিভিয়াচ আৰু ১৯৬৮ চনত ফাইনেল পৰীক্ষা দি মই অৱশেষত ইংৰাজী বিষয়ত দ্বিতীয় শ্ৰেণীৰ এম.এ. ডিগ্ৰীটো ল'বলৈ সক্ষম হ'লো; বহু জীৱন-সংগ্ৰামৰ অন্তত মোৰ শিক্ষা লাভৰ স্বপ্ন সম্পূৰ্ণ সফল হোৱাত মই অত্যন্ত সুখ অনুভৱ কৰিছিলো। ১৯৭২ চনত তাৰিণী চৌধুৰী স্কুলত দ্বাদশ শ্ৰেণী আৰম্ভ হোৱাত মই ইংৰাজী বিভাগৰ বিষয়-শিক্ষয়িত্ৰী হিচাপে। পদোন্নতি লাভ কৰো।”

 ভাবিলে বিস্মিত হৈ ৰওঁ সেই সময়ৰ সামাজিক ব্যৱস্থাৰ নিয়ম মানি চলিও অষ্টম শ্ৰেণীতে বিবাহপাশত আবদ্ধ হৈ সেইগৰাকী নাৰীয়েই কেনেকৈ গৈ এদিন ইংৰাজী বিষয়ৰ এম.এ.ৰ লগতে বি.টি. ডিগ্ৰীৰো অধিকাৰী হ'ল। বিস্মিত হওঁ বুলি এই কাৰণেই কৈছো কাৰণ এই পৰিক্ৰমাৰ মাজতে তেখেতে এটি এটিকৈ ছটা সন্তান জন্ম দি সকলোকে তুলি-তালি ডাঙৰ-দীঘলো কৰিছিল, গৃহিণীৰ দায়িত্বৰ লগতে শিক্ষয়িত্ৰীৰ দায়িত্বও চম্ভালিছিল।

 ঘূৰি আহিছোঁ বাল্যকালত আমাৰ শিক্ষা জীৱনত মাৰ প্ৰভাৱ সম্পৰ্কে আলোকপাত কৰিবলৈ। আমাৰ ছয়জন ভাই-ভনীৰ প্ৰত্যেককে মায়ে ইংৰাজী, অসমীয়া, সংস্কৃত গোটেইকেইটা বিষয়েই অতি পাৰদৰ্শিতাৰে পটুৱাইছিল। অৱশ্যে পটুৱাবলৈ বুলি মায়ে নিৰ্দিষ্ট সময় নাপালেও কামৰ ফাকে ফাকে আমাক সহায় কৰি গৈছিল। ৰন্ধা ঘৰৰ সকলো কাম নিজে কৰাৰ বাহিৰেও মায়ে অন্যান্য ঘৰুৱা কামবোৰো নিজেই কৰিছিল। অৱশ্যে আমি তৃতীয় শ্ৰেণীমান পোৱাৰ পিছত আমাক কাপোৰ ধোৱা, ইস্ত্ৰি কৰা আদি কামৰ 'তালিম’ দি সেইবোৰ নিজে কৰিবলৈ বাধ্য কৰাইছিল। আজি ঘূৰি চাই অনুভৱ কৰো ব্যৱহাৰিক জীৱনটোৰো আদি গুৰু মায়েই। দৰকাৰ হ'লে যাতে খোৱা-বোৱা প্ৰস্তুত কৰি ল'ব পাৰো তাৰ বাবেও আমাক প্ৰস্তুত কৰাইছিল আৰু সময়বিশেষে আমাক কামতো লগাইছিল। মোৰ পঢ়া টেবুল আৰু মাৰ ৰান্ধনিশালৰ মাজত এখন খিৰিকি আছিল। মায়ে ৰন্ধনৰ মাজতেই খিৰিকিখনৰ কাষলৈ আহি ইংৰাজীৰ পাঠবোৰ অসমীয়ালৈ অনুবাদ কৰি বুজাই দিয়া, অসমীয়া কবিতাৰ সাৰাংশ কোৱা,