পৃষ্ঠা:চাকৰি ক’তেনো পাম.pdf/৭৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৭৬
চাকৰি ক'তেনো পাম?

কিছুমান উক্তি বহলাই কোৱা, সংস্কৃতৰ সন্ধি, সমাস আদিৰ বিষয়ে বুজোৱা বহু কথাই আজিও মনত পৰে।

 আমাৰ বাল্যকালৰ শিলপুখুৰীৰ ঘৰখনত এক সম্পূৰ্ণ গ্ৰাম্য পৰিৱেশ আছিল। দেউতাই গৰু, হাঁহ, পাৰ সকলো ৰাখিছিল আৰু খালি ঠাইখিনিত বতৰ অনুযায়ী কবি, শাক আদিৰ খেতি কৰিছিল। সময় সুবিধা অনুযায়ী মায়ে দেউতাক তেনেবোৰ কামতো সহায় আগবঢ়াইছিল। খেতিৰ সময়ত দেউতাই কোৰেৰে উঠোৱা ডাঙৰ চপৰাবোৰ ভঙাৰ 'যোগালি’ প্ৰায়ে আছিলো মই। খেলাধূলা আদি কৰি ভাল পোৱা দেউতাই আমাৰ চাৰিত্ৰিক দিশত কঠোৰ নজৰ ৰাখিছিল আৰু ধেমালি-ধুমুলাও কৰিছিল। যদিও পঢ়া-শুনাৰ দিশত বিশেষ চকু নিদিছিল; মাৰ ভয়তেই আমি নিয়মীয়াকৈ পঢ়া-শুনাৰ টেবুলত বহিছিলোঁ। নাজানো, হয়তোবা মা- দেউতাই বুদ্ধি কৰি আমাক আগুৱাই নিবলৈ নিজৰ নিজৰ দায়িত্ব ভগাই লৈছিল। সেয়ে দেউতাই ধেমালি কৰা, বিভিন্ন কথা পতাৰ সুযোগ দিছিল যদিও মায়ে আমাক সিমান লাই’ দিয়া নাছিল।

 মাৰ মূলমন্ত্ৰ আছিল—ল'ৰা-ছোৱালী, ছাত্ৰ-ছাত্ৰীক মৰম কৰিব লাগে, কিন্তু সেয়া অন্তৰৰ পৰাহে হ'ব লাগে, দেখুৱাব নালাগে। দেখুৱাই দিলে সেই মৰমে ভালতকৈ বেয়া কৰাৰহে সম্ভাৱনা অধিক। পিছলৈ আমাৰ ল'ৰা-ছোৱালীৰ ক্ষেত্ৰতো মায়ে সেই কথাষাৰ প্ৰায়েই সোঁৱৰাই দিছিল যদিও পৰিৱৰ্তিত সময়, সমাজ ব্যৱস্থাৰ বাবে আমিও পৰিৱৰ্তনৰ লগতেই চলা সমীচিন হ'ব বুলি ঠিৰাং কৰি সেইমতেই আগবাঢ়িলো, মাৰ মতে চলা নহ'ল।

 প্ৰাক্তন ছাত্ৰীসকলৰ মাজত নিশ্চয় মাৰ সম্পৰ্কে এক ধাৰণা আছে বৰ কাঢ়া বুলি। সেয়া হৈছে মাৰ নিজস্ব ধৰণৰ ভালপোৱাৰ বহিঃপ্ৰকাশ, তেখেতসকলৰ উজ্জ্বল ভৱিষ্যতৰ খাতিৰত। আমাৰ ক্ষেত্ৰতো একেই হৈছিল কিন্তু তাৰ সুফল আমি ভৱিষ্যৎ জীৱনত নিজকে প্ৰতিষ্ঠা কৰাৰ ক্ষেত্ৰত পালোঁ।

 ঘৰৰ সমস্ত কাম-বন কৰি, স্কুললৈ যাওঁতে মায়ে প্ৰায় দৌৰাৰ নিচিনাকৈয়ে গৈছিল সময়মতে স্কুল পাবলৈ। আমাৰ শিলপুখুৰীৰ ঘৰৰ