পৃষ্ঠা:চাকৰি ক’তেনো পাম.pdf/৭৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৭৪
চাকৰি ক’তেনো পাম?

তাৰিণী চৌধুৰী স্কুলকে ধৰি অসমৰ কেইখনমান স্কুলত ইতিমধ্যে একাদশ শ্ৰেণীৰো পাঠদান চলি আছিল। পিছলৈ চৰকাৰৰ শিক্ষা বিভাগে প্ৰাক্-বিশ্ববিদ্যালয় পৰ্যায়ৰ দুয়োটা শ্ৰেণী স্কুললৈ অনাৰ কথা চিন্তা কৰিলে।

 কিন্তু তাৰ বাবে স্কুলত অৰ্হতাসম্পন্ন শিক্ষক-শিক্ষয়িত্ৰীৰ প্ৰয়োজন হ’ব। সেয়ে ইতিমধ্যে হাইস্কুলত কৰ্মৰত কিছুসংখ্যক যোগ্যতাসম্পন্ন শিক্ষক-শিক্ষয়িত্ৰীক চৰকাৰৰ নিজা খৰচত এম.এ. পঢ়ুৱাই অনাৰ কথা চিন্তা কৰা হৈছিল। কিন্তু দুবছৰীয়া পাঠ্যক্ৰমৰ এবছৰৰ খৰচহে চৰকাৰে বহন কৰিব; আনটো বছৰৰ প্ৰস্তুতি শিক্ষাৰ্থীসকলে নিজেই কৰিব লাগিব।

 কেইমাহমান পিছত স্কুললৈ খবৰ আহিল, এম.এ. পঢ়িবৰ বাবে টি.চি. স্কুলৰ পৰা দুগৰাকী শিক্ষয়িত্ৰী নিৰ্বাচিত হৈছে—অসমীয়া বিষয়ত ডলী তালুকদাৰ আৰু ইংৰাজী বিষয়ত হিৰন্ময়ী দেৱী। ইতিমধ্যে ১৯৬১ চনত মোৰ এহাল যজা সন্তান জন্ম হৈছিল; সেয়ে মই কেইমাহমান বিনা বেতনে দীঘলীয়া ছুটি লোৱাৰ অন্তত পুনৰ স্কুলত যোগদান কৰিছো। এনে অৱস্থাত এম.এ. পঢ়িবলৈ যোৱাটো মোৰ পক্ষে সম্ভৱ নহয় বুলি প্ৰধান শিক্ষয়িত্ৰীক জনাই দিলো। কিন্তু তেখেতকে ধৰি স্কুলৰ আটাইকেইগৰাকী বয়োজ্যেষ্ঠ শিক্ষয়িত্ৰীয়ে মোক বুজাইছিল যে দৰমহাসহ ছুটী ভোগ কৰি এবছৰ বিশ্ববিদ্যালয়ত বিনা খৰচে পঢ়িবলৈ পোৱাটো কম সৌভাগ্যৰ কথা নহয়; এনে সুবিধা জীৱনত দ্বিতীয়বাৰ অহাৰ আশা নাই; গতিকে স্কুললৈ অহাৰ পৰিৱৰ্তে বিশ্ববিদ্যালয়লৈ অহা-যোৱা কৰি ক্লাছত উপস্থিত থকাটোহে মোৰ পক্ষে জ্ঞানীৰ কাম হ'ব; পৰীক্ষা পিছে পৰে দিলেও হ'ব। মোৰ সৈতে একেলগে অসমীয়া বিষয়ত পঢ়িবলৈ নিৰ্বাচিত হোৱা ডলী তালুকদাৰ, আমাৰ দুয়োৰে ক্লাছৰ সময় মিলিলে তেওঁৰ নিজৰ গাড়ীতে মোকো জালুকবাৰীলৈ লৈ যাব বুলি আশ্বাস দিলে।

 মোৰ শুভাকাঙ্খীসকলৰ সেই বুজনিত আশ্বস্ত হৈ মই বিশ্ববিদ্যালয়ত নাম লগাই এবছৰ ক্লাছ কৰি পুনৰ স্কুললৈ উভতি আহিলো; কাৰণ মোৰ সাংসাৰিক পৰিস্থিতি সেই সময়ত এম.এ. পৰীক্ষাৰ বাবে প্ৰস্তুতি কোনোপধ্যে অনুকূল নহয়। কেইবছৰমান পিছত গুৱাহাটী বিশ্ববিদ্যালয়ত প্ৰিভিয়াছ আৰু ফাইনেল দুটা পৰীক্ষাৰ ব্যৱস্থা আৰম্ভ হয়; ইতিমধ্যে