পৃষ্ঠা:চাকৰি ক’তেনো পাম.pdf/৬৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে




আমাৰ মা হিৰন্ময়ী দেৱী
সম্পৰ্কে দুআষাৰ

 ভাৰতবৰ্ষতেই জন্মগ্ৰহণ কৰা বিখ্যাত ব্ৰিটিছ নাগৰিক তথা একেধাৰে কবি, ঔপন্যাসিক, সাংবাদিক ৰুডিয়াৰ্ড কিপলিঙে কৈছিল—“God could not be everywhere, and therefore he created mothers.” যিকোনো মানুহে হয়তো নিজৰ জীৱনত মাকৰ ত্যাগ, অৰিহণা, প্ৰভাৱ আদিৰ বিষয়ে ৰোমন্থন কৰিলে কিপলিঙৰ কথাষাৰিৰ সত্যতা অনুভৱ কৰিব।

 সুখ্যাত লেখিকা ড° অনিমা গুহই এঠাইত লিখিছিল—“হিৰন্ময়ী দেৱী জীৱন যুদ্ধত বিজয়িনী এগৰাকী সফল নাৰী। অসাধাৰণ মেধাবী, কষ্টসহিষ্ণু, পৰিশ্ৰমী আৰু দৃঢ়প্ৰতিজ্ঞ নহ'লে প্ৰতিকূল অৱস্থাৰ মাজেদি গৈ জীৱনত কোনেও সফলতা লাভ কৰিব নোৱাৰে। তদুপৰি তেওঁৰ জীৱনত আছিল এটা লক্ষ্য। মহাকবি কালিদাসে ‘কুমাৰ সম্ভবত প্ৰকাশ কৰা এটা শ্লোকৰ উদ্ধৃতি দি তেওঁ কৈছে যে এটা লক্ষ্য স্থিৰ কৰা মন আৰু নামনিলৈ বৈ যোৱা পানীক কোনেও বাধা দি ৰাখিব নোৱাৰে। হিৰন্ময়ী দেৱীৰ সফল জীৱনে এই শ্লোকটিৰ সত্যতা প্ৰমাণ কৰিছে।” সেই একে লিখনিৰে অন্য এঠাইত ড° গুহই লিখিছে—“হিৰন্ময়ী দেৱীলৈ অনুৰোধ, জীৱনৰ খলা-বমা পথ অতিক্ৰম কৰি কেনেকৈ তেওঁ সফলতাৰ উচ্চ