পৃষ্ঠা:চাকৰি ক’তেনো পাম.pdf/৬৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৬৭
ছাত্ৰ-ছাত্ৰীসকলক উৎসাহ যোগাব পৰা এজন অসমীয়া...

পৰা আপত্তি হোৱা নাইতো? বিদ্যুতে ক’লে—এওঁলোকে গৱেষণা কৰি থকাসকলৰ মানসিক অৱস্থাৰ ওপৰত নজৰ ৰাখে আৰু কোনোবাই দিন- ৰাতি একাকাৰ কৰি বহুদিন কাম কৰিলে মানসিক অৱস্থাৰ খবৰ লয় কাউন্সেলিঙৰ জৰিয়তে, কাৰণ কোনোবাই কেতিয়াবা মানসিক ভাৰসাম্যতা হেৰুৱাব পাৰে। যিহেতু বিদ্যুতে তাত শনি-দেও সকলোবোৰ বাৰতেই প্ৰায়েই কাম কৰে সেয়ে তেওঁ ১৫ দিনৰ ছুটী বিচৰাত তেওঁৰ ওপৰৱালাই বেয়া পোৱাৰ সলনি ভালেই পাইছে। মনে মনে ভাবিলোঁ— উন্নত দেশ, উন্নত চিন্তা।

 প্ৰতিযোগিতামূলক পৃথিৱীখনত আজি সকলোৱে আনজনক হৰুৱাব বিচাৰে নিজৰ ক্ষেত্ৰখনত। কিন্তু তাতো দুটা বিৰল প্ৰজাতি আছে যি বিশেষ ক্ষেত্ৰত পৰাজিত হৈহে আনন্দ পায়। প্ৰথম প্ৰজাতিটো হৈছে মাক- দেউতাক, যি নিজৰ সন্তানৰ ওচৰত পৰাজিত হ’বলৈ পালে আনন্দিত হয়। দ্বিতীয় প্ৰজাতিটো হৈছে যিসকল সঁচা অৰ্থত শিক্ষক। এজন সঁচা শিক্ষকে তেওঁৰ ছাত্ৰ বা ছাত্ৰীগৰাকী তেওঁতকৈও ওপৰলৈ উধালে এক অনাবিল আনন্দ লাভ কৰে।

 বিদ্যুৎ মোৰ প্ৰত্যক্ষ ছাত্ৰ নহয় কাৰণ তেওঁৰ বিচৰণভূমি ৰসায়ন বিজ্ঞান আৰু মোৰ হৈছে গণিত শাস্ত্ৰ। তথাপি তেওঁ মোক ‘ছাৰ’ বুলিয়েই সম্বোধন কৰে। শিক্ষাগত দিশত বিদ্যুতে আমাক চেৰাই বহু ওপৰলৈ গৈছে। আৰু শিক্ষক হিচাপে সেয়ে আমি যথেষ্ট আনন্দিত। ভগৱানে তেওঁক আৰু ওপৰলৈ নিয়ক, সেয়ে আমাৰ কামনা। ❏