শিখৰলৈ আৰোহণ কৰিলে সেই বিষয়ে আমাক অৱগত কৰিবলৈ যেন আত্মজীৱনী এখন লিখে। ই নৱপ্ৰজন্মৰ বাবে হ’ব এক অনুপ্ৰেৰণা।” মাৰ বিষয়ে কিছু কথা লিখাৰ কাৰণ সেইটোৱেই।
দুখৰ বিষয় যে তেনে এখন আত্মজীৱনী মাৰ লিখা নহ’ল। অৱশ্যে ২০১৫ চনত আমি সম্পাদনা কৰা ‘হিৰন্ময়ী দেৱী ৰচনা সমগ্ৰ' যিখন কিতাপত মায়ে লিখা সৰু-বৰ ৩০ খন কিতাপ সন্নিৱিষ্ট কৰা হৈছে, সেইখন কিতাপৰ নিজৰ বিষয়ে কিছু কথা’ শিতানত তাৰ কিছু আভাস আছে। অন্য এগৰাকী সুলেখিকা মাইনী মহন্তয়ো মাৰ সম্পৰ্কে লিখিছে— “উজুটি নোখোৱা বাট এটাৰে বিজয় সাব্যস্ত কৰাটো জয়ৰ শাৰীত নাম গোটোৱাৰ দৰে এক গতানুগতিক উদাহৰণ বুলি ক'লেও একো অস্বাভাৱিকতা নাথাকে, কিন্তু একা-বেঁকা বাটেৰে খুন্দা খাই হ'লেও নদীৰ দৰে প্ৰবহমান ইচ্ছাক বোৱাই জয়ৰ নিচান উৰুৱাটো এক দুৰ্দান্ত বিজয়।
নিজৰ মাৰ ওপৰত মই লিখিলে হয়তো পক্ষপাতমূলক হ'ব পাৰে। সেয়ে লিখিবলৈ বহি ঠিক কৰিলোঁ যে মধ্যমীয়া পথ এটা অৱলম্বন কৰাই ভাল হ’ব। মাৰ নিজৰ বাল্যকাল তথা ছাত্ৰী জীৱনৰ কথাখিনি মাৰ লিখনিৰ পৰাই ধাৰ কৰাৰ লগতে মোৰ দৃষ্টিত মাৰ কিছু কথা আৰু আন বেছিভাগ—বিশেষকৈ মাৰ সাহিত্য কৃতিৰ বিষয়ে অন্যান্য লব্ধপ্ৰতিষ্ঠসকলে কি কৈছে তাকে গোটাই মেলি লিখাই ভাল হ'ব। পক্ষপাতমূলক হোৱাৰ দোষৰ পৰাও মুক্ত হৈ থাকিব পাৰিম।
আমাৰ মা হিৰন্ময়ী দেৱীৰ জন্ম হৈছিল নগাঁও চহৰত, ১৯৩৩ চনত। পিতৃৰ নাম আছিল তিলক চন্দ্ৰ শৰ্মা আৰু মাতৃ সাবিত্ৰী বালা দেৱী। পৰিয়ালৰ ছয় সন্তানৰ মাজত একমাত্ৰ কন্যা সন্তান। চাকৰি সূত্ৰে ককা গুৱাহাটীলৈ বদলি হোৱাত মায়েও ছয় বছৰ বয়সৰ পৰাই গুৱাহাটীৰ বাসিন্দা হয় অৰ্থাৎ ১৯৩৯ চনৰ পৰা। প্ৰাথমিক শিক্ষা ছাত্ৰীবাৰীৰ মিছন। স্কুলৰ পৰা। হাইস্কুলীয়া জীৱন আৰম্ভ হৈছিল গুৱাহাটীৰ পাণবজাৰ ছোৱালী হাইস্কুলত। উল্লেখযোগ্য যে সেই কালত গুৱাহাটীত সেইখনেই একমাত্ৰ ছোৱালী হাইস্কুল আছিল। সেই স্কুলৰ অষ্টম শ্ৰেণীৰ বাৰ্ষিক পৰীক্ষা দিয়াৰ পিছত মাৰ বিয়া হৈছিল। বৰ্তমান সময়ৰ বাবে এক অভাৱনীয় ঘটনা। আমাৰ পিতৃ স্বৰ্গীয় ৰতিকান্ত শৰ্মা আছিল কামৰূপ