ইজৰাইল নাইবা জাৰ্মানীৰ পৰা গুৱাহাটীলৈ আহিলে বিদ্যুতে আমাৰ ঘৰলৈ এটা পাক মাৰে। কথাবাৰ্তাৰ মাজতে বিদ্যুতে কোৱা দুটা বিশেষ কথা পাঠক সমাজলৈ আগবঢ়ালো।
প্ৰথমবাৰ 'ৱাইজমেন ইন্সটিটিউট’ত থকা কালত কোৱা কথাটো হৈছে যে তাৰ গৱেষকসকলে অকল ডিগ্ৰী এটাৰ কাৰণে গৱেষণা নকৰে। গৱেষণা তেওঁলোকৰ বাবে এক সাধনা, এক নিচা, অন্তহীন কৌতূহল নিবাৰণৰ এক মাধ্যম। উদাহৰণ স্বৰূপে তেওঁ কৈছিল তেওঁৰ গাইডে ৰাতিপুৱা ৮ বজাৰ পৰা ৰাতি ১১ মান বজালৈ অনুষ্ঠানটোত থাকি কাম কৰে। মনে মনে এটা কথাই ভাবিছিলো সেই কাৰণেই তেওঁলোকে ন'বেল। প্ৰাইজ পাবলৈ সক্ষম হয়।
আজি দুমাহমান আগতে বিদ্যুৎ আহোতে সুধিছিলো কোৱাচোন জাৰ্মানীৰ শিক্ষা ব্যৱস্থা আৰু আমাৰ শিক্ষা ব্যৱস্থাৰ পাৰ্থক্য।
অতি বিনয়েৰে বিদ্যুতে সংক্ষেপে যি কথা ক'লে আমাৰ শিক্ষা বিষয়ৰ কাণ্ডাৰীসকলে বৰ মন কৰিবলগীয়া। তেওঁ ক'লে যে গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা যদিও তেওঁ বি.এছ.চি., এম.এছ.চি. দুয়োটা পৰীক্ষাতে প্ৰথম হ’লগুৱাহাটী ৰিফাইনেৰীত কি হৈ আছে সেয়া তেওঁ গম নাপালে অৰ্থাৎ তেওঁ শিকা জ্ঞান ক’ত কেনেকৈ সমাজৰ উন্নতিৰ বাবে প্ৰয়োগ হৈ আছে তাৰ উৱাদিহ নাপালে। তেওঁ নিজেও জানিবলৈ আগ্ৰহী নহ'ল আৰু শিক্ষা ব্যৱস্থায়ো তেওঁক তাৰ বাবে বাধ্য নকৰালে। উন্নত দেশবোৰত কিন্তু তেনে নহয়। কথাষাৰ বৰ মন কৰিবলগীয়া।
বিদ্যুতৰ নেৰানেপেৰা আমন্ত্ৰণৰ বাবে ২০১৮ চনৰ জুলাই মাহত মই পত্নী স্মৃতিৰেখা দেৱী, দুই পুত্ৰ প্ৰজ্ঞান, প্ৰদীপ্ত; বিদ্যুতৰ ভায়েক দিগন্ত আৰু মোমায়েক প্ৰমোদৰ সৈতে জাৰ্মানীলৈ গৈছিলোঁ। ফ্ৰেংকফোৰ্ট বিমান বন্দৰত আমাক আদৰণি জনোৱাৰ পৰা প্ৰায় ১৫ দিন আমাৰ লগত থাকি জাৰ্মানীৰ মূলহেই, দুছবাৰ্গ, কল’ন, ডচেলডৰ্ফ, নেডাৰলেণ্ডৰ আমষ্টাৰডাম, উট্ৰেখ; বেলজিয়ামৰ ছেলছ আৰু ফ্ৰাঞ্চৰ পেৰিছ ঘূৰাই পেৰিছৰ বিমানবন্দৰৰ পৰা বিদ্যুতে বিদায় লয় আমাৰ পৰা।
এই কালছোৱাৰ মাজতে বিদ্যুতক এদিন সুধিছিলোঁ—তুমি যে এইকেইদিন আমাৰ লগত ঘূৰি-ফুৰি আছা, তোমাৰ কাম কৰা অনুষ্ঠানৰ