পৃষ্ঠা:চাকৰি ক’তেনো পাম.pdf/৬৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৬৫
ছাত্র-ছাত্ৰী উৎসাহ যোগাব পৰা এজন অসমীয়া...

অনুষ্ঠানটো আছিল সমগ্ৰ পৃথিৱীৰেই এক আগশাৰীৰ শিক্ষানুষ্ঠান।

 যি হওক বিদ্যুতে গুৱাহাটীৰ পৰাই ভিডিঅ কনফাৰেঞ্চিঙৰ জৰিয়তে তেওঁলোকৰ ইণ্টাৰভিউত অৱতীৰ্ণ হ'ল আৰু অনুষ্ঠানটোৱেও পূৰ্ণ জলপানীৰ সৈতে বিদ্যুতক আমন্ত্ৰণ জনালে তেওঁলোকৰ অনুষ্ঠানত যোগদানৰ বাবে।

 অসমীয়া মাধ্যমত পঢ়ি অসমতে শিক্ষা গ্ৰহণ কৰা বিদ্যুতে ২০১৬ চনত সেই বিখ্যাত অনুষ্ঠানৰ পৰা পি.এইচ.ডি. ডিগ্ৰী লাভ কৰে অধ্যাপক ড° ৰনী নিউমেনৰ তত্ত্বাৱধানত গৱেষণা কৰি। গৱেষণাৰ সময়তে বিদ্যুতে। পৃথিৱীৰ প্ৰায়বোৰ উন্নত দেশৰ আগশাৰীৰ শিক্ষানুষ্ঠানে পতা ‘কনফাৰেঞ্চ'ত গৈ নিজৰ গৱেষণা পত্ৰ পাঠ কৰে।

 কেইবছৰমান আগতে ইউৰোপৰ এখন দেশত পৃথিৱীৰ কেইবাজনো ৰসায়ন বিজ্ঞানত ন'বেল বঁটাৰে বিভূষিত বৈজ্ঞানিক লগ হয় তেওঁলোকৰ গৱেষণালব্ধ জ্ঞানৰ আদান প্ৰদানৰ বাবে। আমাৰ বাবে বৰ সুখৰ আৰু গৌৰৱৰ কথা যে বিদ্যুতেও তেওঁৰ গৱেষক ‘গাইডৰ অনুগ্ৰহত তাত উপস্থিত থাকি সেইসকল বৈজ্ঞানিকৰ লগত কথা পতাৰ সুযোগ পায়।

 ইজৰাইলৰ 'ৱাইজমেন ইন্সটিটিউট’ত Ph.D সম্পূৰ্ণ কৰা বিদ্যুতৰ জীৱনত আগতে উল্লেখ কৰা অভাৱনীয় তথা অপ্ৰত্যাশিত ঘটনাটো কেনেকৈ ঘটিছিল সেই কথাটো জানিবলৈ নিশ্চয় বহুতো ছাত্ৰ-ছাত্ৰীৰ মনত ইচ্ছা জাগিব।

 ঘটনাটো এনেধৰণৰ আগতেই উল্লেখ কৰা হৈছে যে গুৱাহাটী বিশ্ববিদ্যালয়ত পঢ়ি থকা কালতে বিদ্যুতে ভাৰতৰে কেইখনমান বিখ্যাত শৈক্ষিক প্ৰতিষ্ঠানত হ্ৰস্বকালীন কৰ্ঘ কৰিছিল।

 তেনে এখন শৈক্ষিক প্ৰতিষ্ঠানৰ এজন বিখ্যাত অধ্যাপকৰ বন্ধুত্ব আছিল ইজৰাইলৰ ৱাইজমেন ইন্সটিটিউট'ৰ অধ্যাপক ড° ৰনী নিউমেনৰ লগত। তেৱেঁই ইজৰাইলৰ অধ্যাপক বিদ্যুতৰ ই মেইলৰ যোগান ধৰি আমন্ত্ৰণ দিয়াইছিল। সেয়ে বিদ্যুতে কোনো ধৰণৰ আবেদন পত্ৰ জমা নিদিয়াকৈ তেনে এক আমন্ত্ৰণ লাভ কৰিছিল।

 বৰ্তমান ২৯/৩০ বছৰীয়া বিদ্যুতে আৰু ২/৩ বছৰলৈ ‘পষ্ট ডক্টৰেল’ গৱেষণাত নিয়োজিত থাকিব।