পৃষ্ঠা:চাকৰি ক’তেনো পাম.pdf/৬৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৬৪
চাকৰি ক’তেনো পাম?


নম্বৰ লাভ কৰি প্ৰথম শ্ৰেণীৰ প্ৰথম স্থান লাভ কৰে। জীৱনৰ প্ৰতি থকা ধনাত্মক দৃষ্টিভংগী তথা সাধনাই তেওঁৰ সফলতাৰ মূল কাৰণ বুলি ভাবো। এইখিনিতে এইটো কথা উনুকিয়াই থোৱা দৰকাৰ বুলি ভাবিলো—বিদ্যুৎ অসমীয়া মাধ্যমৰ স্কুলৰ পৰা অহা ছাত্ৰ।

 বি.এছ.চি. পাছ কৰাৰ পিছত তেওঁ গুৱাহাটী বিশ্ববিদ্যালয়ৰ ৰসায়ন বিজ্ঞান বিভাগত এম.এছ.চি.ৰ ছাত্ৰ হিচাপে নামভৰ্তি কৰে আৰু দুবছৰ পিছত তাৰ পৰাও প্ৰথম শ্ৰেণীৰ প্ৰথম স্থান লাভ কৰি এম.এছ.চি. পৰীক্ষাত উত্তীৰ্ণ হয়। এম.এছ.চি. পাছ কৰাৰ পিছত বিদ্যুতে NET (National Eligibility Test) পৰীক্ষাত উত্তীৰ্ণ হৈ JRF (Junior Research Fellow) হয় আৰু লগতে IISc. (Indian Institute of Science, Bengalore), আৰু কেইবাখনো IIT (Indian Institute of Technology) ৰ প্ৰৱেশিকা পৰীক্ষাত উত্তীৰ্ণ হৈ সেইবোৰত Ph.D কৰাৰ যোগ্যতা আহৰণ কৰে।

 আন আন ছাত্ৰ-ছাত্ৰী প্ৰায়ভাগৰে ক্ষেত্ৰত চকুত নপৰা বিদ্যুতৰ এটা গুণ দেখা পাইছিলো যে তেওঁ অবাবত সময় নষ্ট নকৰে। সেয়ে বিশ্ববিদ্যালয়ৰ এমহীয়া গৰম বন্ধ নাইবা অন্য ‘চিমেষ্টাৰ ব্ৰেক’বোৰত অন্য প্ৰায়বোৰ ছাত্ৰ-ছাত্ৰীয়ে যেতিয়া ঘূৰি ফুৰে, স্ফুৰ্তি কৰে তেতিয়া তেওঁ গৈছিল ভাৰতৰে কিছুমান বিখ্যাত অনুষ্ঠানত হ্ৰস্বম্যাদী কৰ্ছ কৰিবলৈ। এইবোৰৰ জৰিয়তে বিদ্যুতৰ পৰিচয় ঘটিছিল কিছুমান স্বনামধন্য অধ্যাপক, গৱেষকৰ সৈতে আৰু লগতে তেওঁ সেই অনুষ্ঠানবোৰত চলি থকা গৱেষণাৰ পৰিৱেশ সম্পৰ্কেও এক আভাস আহৰণ কৰিব পাৰিছিল।

 গৱেষণাৰ বাবে কোনটো অনুষ্ঠানত যোগদান কৰিব ভাবি থাকোতেই বিদ্যুতৰ জীৱনত ঘটিল এক অভাৱনীয় তথা অপ্ৰত্যাশিত ঘটনা। তেওঁলৈ এটা ‘মেইল’ আহিল ইজৰাইলৰ ‘ৱাইজমেন ইন্সটিটিউট’ৰ পৰা।‘মেইল’ত লিখা আছিল যে বিদ্যুতে যদি তেওঁলোকৰ Ph.D ‘গেম’ৰ বাবে ইচ্ছুক তেন্তে তেওঁ ‘ভিডিঅ কনফাৰেঞ্চিঙ’ৰ মাধ্যমেৰে এটা ‘ইণ্টাৰভিউ’ দিব লাগে।

 ঘটনাটো এইবাবেই অভাৱনীয় তথা অপ্ৰত্যাশিত বুলি কোৱা হৈছে। কাৰণ বিদ্যুতে তেওঁলোকলৈ কোনো আবেদনপত্ৰ পঠোৱা নাছিল আৰু