পৃষ্ঠা:চাকৰি ক’তেনো পাম.pdf/৬৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৬৩
ছাত্ৰ-ছাত্ৰীসকলক উৎসাহ যোগাব পৰা এজন অসমীয়া...

 আমাৰ আলোচনাৰ ছাত্ৰজন হৈছে ড° বিদ্যুৎ বিকাশ শৰ্মা। তেওঁ বৰ্তমান জাৰ্মানীৰ 'মাক্স প্লাংক’ প্ৰতিষ্ঠানৰ ‘পষ্ট ডক্টৰেল’ গৱেষণাৰ লগত জড়িত। তেওঁৰ গৱেষণাৰ বিষয় হৈছে ‘ৰিণিৱেবল এনাৰ্জি' অৰ্থাৎ শক্তিৰ পুনৰ্নবীকৰণ। তেওঁ ২০১৬ চনত ইজৰাইলৰ 'ৱাইজমেন ইন্সটিটিউট'ৰ পৰা গৱেষণা কৰি ডক্টৰেট ডিগ্ৰী লাভ কৰি জাৰ্মানীলৈ যায়। ছাত্ৰ- ছাত্ৰীসকলে জানি সুখী হ'ব যে বিদ্যুতে ইতিমধ্যে জাৰ্মান চৰকাৰে আগবঢ়োৱা অতি সন্মানীয় ‘হামবল্ট’ ফেলশ্বিপ পাই বৰ্তমান তাত গৱেষণাত ৰত হৈ আছে।

 ছাত্ৰ-ছাত্ৰীসকলে বিদ্যুতৰ বাল্যকাল, শিক্ষা জীৱনৰ বিষয়ে জানিলে। নিশ্চয় অনুপ্ৰাণিত হ'ব।

 তেওঁ গুৱাহাটীৰ জাপৰীগোগ নিবাসী স্বৰ্গীয় নলিনী কুমাৰ শৰ্মা আৰু শ্ৰচাৰু দেৱীৰ জ্যেষ্ঠ পুত্ৰ। দুখীয়া হোৱা বাবে দেউতাকে সমতলত ঘৰ সাজিব নোৱাৰি পাহাৰতে বাসগৃহ সাজিছিল। অসম চৰকাৰৰ কৃষি বিভাগৰ নিম্নবৰ্গৰ চাকৰিয়াল পিতৃক বিদ্যুতে সপ্তম শ্ৰেণীত পঢ়ি থাকোতেই হেৰুৱাবলগীয়া হয়, এক দুৰ্ঘটনাৰ বাবে।

 পিতৃৰ অৰ্থনৈতিক অৱস্থা ভাল নোহোৱা বাবে নলবাৰীস্থিত মামাকহঁতে বিদ্যুতক নলবাৰীলৈ নি তাতেই শংকৰদেৱৰ বিদ্যা নিকেটন। স্কুলত নাম লগাই দিয়ে। মাক আৰু সৰু ভায়েক দিগন্ত গুৱাহাটীত থাকিল। অদৃষ্টৰ পৰা পোৱা দুখক লৈ হা-হুমুনিয়াহ কাঢ়ি নাথাকি বিদ্যুতে একান্তমনে পঢ়াত মন দি শংকৰদেৱ বিদ্যা নিকেটনৰ পৰা ‘মেট্ৰিক’ পৰীক্ষা পাছ কৰে ষ্টাৰ মাৰ্ক সহ ২০০৪ চনত।

 তাৰ দুবছৰ পিছত নলবাৰী কলেজৰ পৰা তেওঁ সুখ্যাতিৰে উচ্চতৰ মাধ্যমিক বিজ্ঞান শাখাৰ পৰীক্ষা পাছ কৰি গুৱাহাটীৰ বি. বৰুৱা মহাবিদ্যালয়ত ৰসায়ন বিজ্ঞানক মূল বিষয় হিচাপে লৈ বি.এছ.চি. শাখাত নামভৰ্তি কৰে।

 বিদ্যুতৰ এক চকুত পৰা উল্লেখযোগ্য দিশ হৈছে—পঢ়া-শুনাৰ লগতে খেলা ধূলাতো তেওঁ সমানে ভাগ লয় কিন্তু অবাবত সময় নষ্ট নকৰে। যিটো সময়ত যিটো কৰে তাকেই অতি মনপুতি কৰে। তাৰ ফলস্বৰূপে তেওঁ বি.এছ.চি. পৰীক্ষাত ৰসায়ন বিজ্ঞান বিষয়ত সৰ্বোচ্চ