পৃষ্ঠা:চাকৰি ক’তেনো পাম.pdf/৩৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

মানৱ সম্পদৰ অপচয় ৰোধ

এক অৱলোকন

 এটা সঁচা ঘটনাৰে লিখনিটোৰ আৰম্ভণি কৰিছো। ঘটনাটো মোক কৈছিল, দিল্লী বিশ্ববিদ্যালয়ত মোৰ একালৰ সহপাঠী মল্লিকা বৰুৱাই। তেওঁ বৰ্তমান 'অইল ইণ্ডিয়া লিমিটেড’ৰ ‘চীফ মেনেজাৰ' (এনভাইৰন্‌মেণ্ট)। অফিচ গুৱাহাটীৰ নুনমাটিত। মল্লিকাই দুলিয়াজানত চাকৰি কৰা দিনৰ কথা। তেওঁৰ মহিলা সহকৰ্মী এগৰাকীৰ ছোৱালীয়ে দ্বাদশ শ্ৰেণীৰ পৰীক্ষাত বেয়া কৰিলে, অৰ্থাৎ ‘ফেইল’ হ’ল। ছোৱালীজনী বাকীবোৰ বিষয়ত ভাল যদিও অংক বুলিলেই বাঘ দেখা দিয়ে। ঘৰত হাহাকাৰ। সকলোৰে আলোচনা আৰম্ভ হ'ল—কি কৰা যায়? মাকৰ মন ডাঠ, ঘোষণা কৰিলে—মই মোৰ ছোৱালীক ভালকৈ জানো, তাই বাকীবোৰ বিষয়ত ভাল, কেৱল অংক নোৱাৰে। গতিকে গণিতৰ পৰিৱৰ্তে অন্য বিষয় লৈ তাই অহাবাৰ আকৌ পৰীক্ষা দিব আৰু ভালকৈ উত্তীৰ্ণ হ'ব। ঘৰৰ বাকীসকল অলপ সন্দিহান আছিল যদিও মাকৰ দৃঢ়তাই সকলোকে মনে মনে ৰাখিলে। মাকৰ অনুপ্ৰেৰণা, সাহসেৰে অনুপ্ৰাণিত হৈ গণিত বিষয়টোক বাদ দি ছোৱালীজনী পিছৰবাৰ আকৌ পৰীক্ষাত বহিল। আৰু মাকৰ কথা সঁচা প্ৰতিপন্ন কৰিলে। জানিবলৈ পাই সুখী হ'ব যে সেই ছোৱালীজনীয়ে পিছত গুজৰাটৰ এখন বিশ্ববিদ্যালয়ৰ পৰা 'ডিগ্ৰী' পাছ কৰি ব্ৰিটিছ চৰকাৰৰ জলপানি লৈ বৰ্তমান ইংলেণ্ডত উচ্চ শিক্ষাত অধ্যয়নৰত হৈ আছে। মনলৈ আহিল আইনষ্টাইনৰ এষাৰি অমৰ উক্তি