“Everybody is a genious. But if you judge a fish by its ability to climb a tree, it will live its whole life believing that it is a stupid"
ঘটনাটো এই কাৰণেই উল্লেখ কৰাৰ প্ৰয়োজনবোধ কৰিলো যে ছাত্ৰ- ছাত্ৰীৰ ভৱিষ্যৎ গঢ়াত অভিভাৱকৰো যথেষ্ট দায়িত্ব থাকে। অকল খোৱা- বোৱা, টিউচন ফিজখিনি দিলেই আমাৰ দায়িত্ব শেষ নহয়। আমাৰ সন্তানৰ দুৰ্বলতা ক'ত, ব্যুৎপত্তি কিহত আছে তাত চকু দি সেই পথেৰে আগবঢ়াই দিয়াত অভিভাৱক হিচাপে আমাৰ গধুৰ দায়িত্ব আছে।
মল্লিকাই সেই মাতৃ আৰু তেওঁৰ ছোৱালীৰ নাম মোৰ আগত ব্যক্ত কৰা নাই। কিন্তু সন্তানৰ বিপদৰ সময়ত গালি-শপনি নাপাৰি, মনোবল যোগাই জীৱন যুদ্ধত জীয়ৰীক আগবঢ়াই দিয়া সেই ‘অনামিকা’ মাতৃলৈ মোৰ হিয়াভৰা অভিনন্দন যাচিলো।
স্বামী বিবেকানন্দয়ে কৈছিল— Each soul is potentially divine. অৰ্থাৎ প্ৰত্যেক আত্মাতে এক ঐশ্বৰিক শক্তি লুকাই আছে।
ব্যাৱহাৰিক ক্ষেত্ৰত আমি কথাটো এনেকৈয়ো ল'ব পাৰো যে ভগৱানে প্ৰত্যেকজন ব্যক্তিকে কিবা ক্ষেত্ৰত এক ব্যুৎপত্তি দিছে আৰু সেই বিশেষ ব্যুৎপত্তিৰ অংকুৰণ ঘটাই সমাজৰ বাবে ধনাত্মকভাৱে প্ৰয়োগ কৰাটো হ'ব লাগে প্ৰকৃত শিক্ষাৰ উদ্দেশ্য। এনে শিক্ষাই ব্যক্তিবিশেষ তথা সমাজ দুয়োকে লাভান্বিত কৰে আৰু ইয়েই পৰিশেষত এখন দেশ উন্নত। দেশ হোৱাত প্ৰভূত বৰঙণি যোগায়।
স্বামীজীয়ে স্থানান্তৰত কৈছিল— যি শিক্ষাই এজন মানুহক নিজৰ ভৰিত থিয় দিবলৈ সহায় নকৰে, সৎ ভাবে জীয়াই থাকি নিজৰ তথা দেশৰ উন্নতিৰ বাবে বৰঙণি যোগোৱাত সহায় নকৰে সেই শিক্ষা প্ৰকৃত শিক্ষা হ'বই নোৱাৰে। মনত প্ৰশ্ন জাগে, আমাৰ শিক্ষা পদ্ধতি সেই ধৰণে চলিছেনে? ইংৰাজসকলে পৰাধীন ভাৰতত শিক্ষা বিস্তাৰ কৰিছিল মূলতঃ কেৰাণী, মহৰী সৃষ্টি কৰিবলৈ, যিসকলে তেওঁলোকক শাসন চলোৱাত সহায় কৰিব পাৰে। ইংৰাজ যোৱাৰ পিছতো সুদীৰ্ঘ কাল আমাৰ সাধাৰণ শিক্ষা পদ্ধতিত বিশেষ পৰিৱৰ্তন নহ’ল। অৱশ্যে এই ক্ষেত্ৰত আমি আই. আই. টি. আই. আই. এছ. চি., বিভিন্ন স্বাস্থ্য আৰু প্ৰযুক্তিগত