পৃষ্ঠা:চাকৰি ক’তেনো পাম.pdf/৩৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩৭
মোৰ সপোনৰ ‘অসম অৰ্থনৈতিক সভা’খন।

প্ৰতিষ্ঠা কৰিবলৈ। সম্ভৱ হলে ‘অসম অৰ্থনৈতিক সভা’ৰ উদ্যোগত অচিৰেই গঢ় দিব লাগে এখন ‘কেৰিয়াৰ কাউঞ্চেলিং ইনষ্টিটিউট’।

 আমাৰ খেতিয়কসকলৰ দুৰ্ভাগ্য আনে কেতিয়াবা বানপানীয়ে, আন কেতিয়াবা আকৌ অধিক উৎপাদনে। উৎপাদনৰ ক্ষেত্ৰত হোৱা ব্যয়ো সেই সময়ত বজাৰমূল্য হিচাপে নাপাই বজাৰৰ কাষতে নিজৰ উৎপাদিত সামগ্ৰী পেলাই দিয়া ঘটনাও ঘটে এই ৰাজ্যতে। যদি তেনে ক্ষেত্ৰত তেওঁলোকৰ বাবে ‘এক্সপ’ৰ্ট’ কৰাৰ সুবিধা থাকিলহেঁতেন তেন্তে তেনে দুৰ্ভগীয়া হ’ব লগা হয়তো নহ'লহেঁতেন। কিন্তু আমাৰ খেতিয়কসকলে নিশ্চয় এক্সপ’ৰ্ট কৰাৰ বাবে কৰিবলগীয়া কামখিনি কৰিবলৈ থাকিবলগীয়া জ্ঞান তথা উপযুক্ত তথ্যসমূহ সম্পৰ্কে সম্পূৰ্ণ অজ্ঞ। ‘অসম অৰ্থনৈতিক সভা’ই তেনে ক্ষেত্ৰত আগভাগ লৈ তেওঁলোকক গাইগুটীয়াকৈ নহ’লেও সমবায় ভিত্তিত ‘এক্সপ’ৰ্ট লাইচেঞ্চ’ উলিয়াবৰ বাবে কৰণীয়খিনি কৰাত সহায় কৰাৰ কথাও ভাবিব পাৰে।

 ওপৰত আমি অসম অৰ্থনৈতিক সভাৰ সভ্যসকলে কৰিব পৰা দুই-এটা কথা উনুকিয়ালোহে মাত্ৰ। সকলোৱে লগ হৈ নিজৰ নিজৰ দৃষ্টিভংগী দাঙি ধৰিলে কৰ্মক্ষেত্ৰখন যে বিশাল হৈ পৰিব তাত আমাৰ কোনো সন্দেহ নাই।

 কোনো সংকীৰ্ণ স্বাৰ্থ লুকুৱাই নাৰাখি সমূহ সদস্যই যদি নিঃস্বাৰ্থভাৱে, সততাৰে নিজৰ কৰণীয়খিনি কৰে তেন্তে আমি দৃঢ় বিশ্বাসী যে অহা ১০-১৫ বছৰত অসমখন অৰ্থনৈতিকভাৱে আগবাঢ়ি যাব আৰু সাহিত্যৰথী বেজবৰুৱাই লিখি থৈ যোৱা ধৰণে আমিও ক’ব পাৰিম—

বাজক দবা বাজক শংখ।
 বাজক মৃদং খোল।
অসম আকৌ উন্নতি পথত
 জয় আই অসম বোল। ❏