পৃষ্ঠা:চাকৰি ক’তেনো পাম.pdf/৩৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩৬
চাকৰি ক’তেনো পাম?

গোলাঘাটৰ ডি. আৰ কলেজত অংশকালীন প্ৰবক্ত হিচাপে কাম কৰি আছিল। তেওঁৰ জাৰ্মানীলৈ যোৱাৰ প্ৰসংগত মোৰ প্ৰতি কিয় কৃতজ্ঞতা প্ৰকাশ কৰিলে সোধাত তেওঁ ক’লে যে প্ৰায় ৩/৪ বছৰমান আগতে মই ডি. আৰ. কলেজত কেৰিয়াৰ সম্পৰ্কীয় ভাষণ এটা দিয়াৰ পূৰ্বে তেওঁ হেনো নেজানিছিল যে ‘ফাইনেন্সিয়েল মেথেমেথিক্স’ বুলি গণিত শাস্ত্ৰৰ বিভাগ এটা আছে আৰু তেনে ‘কৰ্ছ’ ভাৰতবৰ্ষতে আছে। মোৰ পৰা পোৱা তথ্যৰ আধাৰতে তেওঁ এম. এছ. বিশ্ববিদ্যালয়লৈ আবেদন জনাই, যাৱতীয় কামখিনি সম্পূৰ্ণ কৰি তাত যোগদান কৰিছিল। নতুন পথটি দেখুৱাই দিয়া বাবে তেওঁ কৃতজ্ঞ।

 স্মিতাই বৰোদালৈ যোৱাৰ পিছৰেপৰা আমালৈ মাজে-সময়ে ফোন কৰি কথা পাতে। যোৱা বছৰ তেওঁ অহাৰ সময়ত তেওঁৰ হতুৱাই বিশ্ববিদ্যালয়ৰ আমাৰ বিভাগত পঢ়ি থকা ল'ৰা-ছোৱালীখিনিক লগ কৰাই তেওঁৰ অভিজ্ঞতা তথা অনুভৱ সম্পৰ্কে ক’বলৈ ব্যৱস্থাও কৰাই দিছিলোঁ।

 কথা প্ৰসংগতে এদিন স্মিতাই কৈছিল যে আমাৰ অসমৰ কিমান মানুহে ‘ডিমেট একাউণ্ট’ সম্পৰ্কে জানে তেওঁৰ সন্দেহ আছে কিন্তু গুজৰাটৰ শাক-পাচলি বিক্ৰী কৰা তথা তেনেকুৱাজাতীয় কাম কৰা বহুতৰে কিন্তু তেনে একাউণ্ট আছে। গুজৰাট আৰু অসমৰ অৰ্থনৈতিক অৱস্থাৰ তুলনামূলক কথা প্ৰসংগত তেওঁ কথাটোৰ অৱতাৰণা কৰিছিল। কথা প্ৰসংগত স্মিতাই ইয়াকো জনালে যে তেওঁৰ ডিগ্ৰী সম্পূৰ্ণ নহওতেই তেওঁ ইতিমধ্যেই গুজৰাটৰ কেইবাটাও ‘কোম্পানী’ৰপৰা চাকৰিৰ বাবে ‘অফাৰ’ পাইছে।

 কেৰিয়াৰ কাউন্সেলিঙৰ কিমান যে দৰকাৰ সেয়া বুজাবলৈকে স্মিতাৰ উদাহৰণটো উল্লেখ কৰাৰ প্ৰয়োজনবোধ কৰিলোঁ।

 নিজৰ অভিজ্ঞতাৰপৰা ক’ব পাৰোঁ যে এনেকুৱা কথাখিনি সভ্যসকলে অকল ছাত্ৰ-ছাত্ৰী নহয় তেওঁলোকৰ অভিভাৱক- অভিভাৱিকাকো বুজাব লগা হ’ব কাৰণ আমাৰ অসমৰ অধিকাংশ অভিভাৱক-অভিভাৱকৰ বদ্ধমূল ধাৰণা—ডাক্তৰ, ইঞ্জিনিয়াৰ, এ.চি.এছ., অধ্যাপক আদি নিৰ্দিষ্ট কেইটামান দিশহে আছে, নিজকে উপযুক্তভাৱে