সমললৈ যাওক

পৃষ্ঠা:চাকৰি ক’তেনো পাম.pdf/৩৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩৫
মোৰ সপোনৰ ‘অসম অৰ্থনৈতিক সভা’খন

আলোচনা সভা, সজাগতামূলক সভা পতাৰ লগতে নিজৰ নিজৰ অঞ্চলৰ যুৱক-যুৱতীৰ মস্তিষ্কত এটা কথা সুমুৱাই দিব লাগিব—Earn while you learn, অৰ্থাৎ শিকাৰ লগতে উপাৰ্জনো কৰি যোৱা, ধনী হোৱাৰ বাবে নহয়, স্বাবলম্বী হোৱাৰ বাবে। ধন যদি বেছি হয় তেতিয়াহ’লে সমাজৰ উন্নয়নমূলক কামৰ বাবে, বিভিন্ন দাতব্য অনুষ্ঠানৰ বাবে দান দিয়াৰ স্পৃহাও জগাই তোলাৰ চেষ্টা কৰিব পাৰে সভ্যসকলে।

 গুৱাহাটী বিশ্ববিদ্যালয়ৰ লগত জড়িত বিভিন্ন কলেজৰ পৰিদৰ্শন কৰিবলৈ গৈ এটা কথা অনুভৱ কৰা হৈছে যে বৰ্তমান সময়ত আমাৰ ছাত্ৰ-ছাত্ৰীৰ বাবে এক অতি দৰকাৰী কথা হৈছে ‘কেৰিয়াৰ কাউন্সেলিং’। কথাটো অনুভৱ কৰাৰ পিছৰেপৰা নিজেই কেইবাখনো কলেজত সেই বিষয়ে ছাত্ৰ-ছাত্ৰীক কৈ খুব ভাল সঁহাৰি পাইছোঁ। কিন্তু কথাটো হৈছে— ই অকলশৰে কৰা কাম নহয়। যেয়ে যি লাইনত জীৱনৰ এক পৰ্যাপ্ত সময় দি অভিজ্ঞতা আহৰণ কৰিছে, তেনে লোকে সেই বিষয়ত ভাষণ দিলে ছাত্ৰ-ছাত্ৰীসকল অধিক উপকৃত হ’ব। এইখিনিতেই এটা কথা উনুকিয়াই থোৱা ভাল যে আমি তেনে কাম বিশেষকৈ নিজকে যি শিক্ষাগত দিশত ‘দুৰ্বল’ বুলি ভাবে তেওঁলোকৰ বাবেহে বেছিকৈ কৰি আছোঁ কাৰণ যি শিক্ষাগতভাৱে শক্তিশালী তেওঁলোকে বিভিন্ন উৎসৰপৰা লাগতিয়াল কথাখিনি প্ৰায়েই আহৰণ কৰি লয়।

 অসম অৰ্থনৈতিক সভাৰ সভ্যসকলে নিজৰ নিজৰ ঠাইত ছাত্ৰ- ছাত্ৰীক টুৰিজিম, বিভিন্ন ব্যৱসায়, ষ্টক এক্সেঞ্জ আদিৰ বিষয়ে প্ৰাৰম্ভিক জ্ঞান দিব পাৰে আৰু তেনে দিশবোৰেৰে আগবাঢ়ি বিশ্ববিখ্যাত হোৱা বিভিন্ন মানুহৰ বিষয়ে কৈ তেওঁলোকক উৎসাহিত কৰিব পাৰে।

 এই প্ৰবন্ধটি লিখি থকাৰ মাজতে গুজৰাটৰ এম.এছ. বিশ্ববিদ্যালয়, বৰোদাত অধ্যয়নৰত স্মিতা বৰাৰ (মেইল : smita.p.borah@gmail. com) ফোন পালোঁ। স্মিতাই তাত ‘ফাইনেন্সিয়েল মেথেমেটিক্স’ৰ এম. এছ. চি. ডিগ্ৰীৰ বাবে পঢ়ি আছে। অতি উৎসাহেৰে তেওঁ জনালে যে চলিত বৰ্ষৰে ডিছেম্বৰ মাহৰ আৰম্ভণিতে তেওঁ এটা ‘প্ৰজেক্ট’ৰ বাবে জাৰ্মানীলৈ যাব। লগতে তাৰ বাবে মোক কৃতজ্ঞতাও জনালে। স্মিতাই ইতিপূৰ্বে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰপৰা এম.এছ.চি. ডিগ্ৰী আহৰণ কৰি