পৃষ্ঠা:চাকৰি ক’তেনো পাম.pdf/৩৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
 

মোৰ সপোনৰ
‘অসম অৰ্থনৈতিক সভা’খন

 বৰ্তমান অসমৰ ৰাজ্যভাষা অসমীয়া। পিছে এক দুঃসময় আহিছিল যেতিয়া অসমৰ ৰাজ্যভাষাৰ স্থানৰপৰা অসমীয়া ভাষা স্থানচ্যুত হ’বলগীয়া হৈছিল। সেই সময়তে অসমী আইৰ কেইজনমান সুসন্তানে অসমীয়া ভাষাৰ হেৰোৱা মৰ্যাদা ঘূৰাই আনিবলৈ জন্ম দিলে অসম সাহিত্য সভাৰ (অসমীয়া ভাষা উন্নতি সাধিনী সভা)। তেখেতসকলৰ অহোপুৰুষাৰ্থতেই অসমীয়া ভাষাই হৃত গৌৰৱ ঘূৰাই পালে। অসমীয়া ভাষাৰ বৰ্তমান অৱস্থানৰ বাবে অসম সাহিত্য সভাৰ আৰম্ভণি সদস্য-সদস্যাসকলৰপৰা তেখেতসকলৰ উত্তৰসূৰী প্ৰজন্মৰ ওচৰত অসমীয়া জাতি নিশ্চয় কৃতজ্ঞ থাকিব লাগিব।

 অতীতৰ কথাখিনি দোহৰাৰ প্ৰয়োজনবোধ এই কাৰণেই কৰিলোঁ যে ওপৰোক্ত দুঃসময় অতিক্ৰমি অসমীয়া ভাষা ফলে-ফুলে জাতিষ্কাৰ হোৱাত অসম সাহিত্য সভাৰ যি বৃহৎ অৱদান সেইখিনি সকলোৰে দৃষ্টিগোচৰ কৰোৱা। যোৱা কেইবছৰমান যদিও অসম সাহিত্য সভা সম্পৰ্কে বিভিন্ন ঋণাত্মক বাতৰি ওলাইছে, তথাপিও এই অনুষ্ঠানটোৱে অতীতত যোগোৱা যোগাত্মক বৰঙণিখিনি পাহৰি গ’লেও আমি অকৃতজ্ঞ হোৱা হ’ব।