পৃষ্ঠা:চাকৰি ক’তেনো পাম.pdf/৩৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩৩
মোৰ সপোনৰ ‘অসম অৰ্থনৈতিক সভা’খন

 বৰ্তমানৰ অসমীয়া ভাষাৰ স্থান হয়তো প্ৰায়বোৰ আধুনিক ভাৰতীয় ভাষাৰ তুলনাত বৰ বেছি পিছপৰা ধৰণৰ নহয়। অৱশ্যে সেই সম্পৰ্কে মন্তব্য দিবলৈ আমি কোনো ভাষাবিদ নহওঁ। এয়া আমাৰ এক ধাৰণাহে।

 একে ধৰণে কিছু বৰেণ্য ব্যক্তিৰ তত্ত্বাৱধানত অসমীয়া সংগীত, নাটক, নাচ আদিয়ে জয়ধ্বজা উৰুৱালে। মুঠ কথাত আজিৰ সময়ত সাহিত্য-সংস্কৃতিৰ দিশত অসম সৰ্বোৎকৃষ্ট নহ’লেও, দলিয়াই পেলাবলগীয়াও যে নহয় সেই সম্পৰ্কে আমাৰ কোনো সন্দেহ নাই। বৰঞ্চ হিন্দী বলয়ৰ কেইবাখনো ৰাজ্যৰ তুলনাত সাহিত্য-সংস্কৃতি, আচাৰ- ব্যৱহাৰ আদিৰ ক্ষেত্ৰত অসমখন পিছপৰা বুলি মুঠেই মনে নধৰে।

 পিছে সমস্যাটো হৈছে বৰ্তমান যুগত এটা জাতিয়ে অকল সাহিত্য- সংস্কৃতি, আচাৰ-ব্যৱহাৰৰ জোৰতেই দপদপাই থাকিব পাৰে জানো? আমাৰ দৃষ্টিত বৰ্তমানৰ পৃথিৱীখনত তাৰ লগতেই আন এক শক্তিও অপৰিহাৰ্য। সেয়া হৈছে অৰ্থনৈতিক শক্তি। এই কথাটোতো আমাৰ কোনো সন্দিহান নাই যে এই দিশটোত আমি কিন্তু ভাৰতবৰ্ষৰ প্ৰায়বোৰ ৰাজ্যতকৈ পিছপৰি ৰৈছোঁ। অৰ্থনৈতিক অনগ্ৰসৰতাই আওপকীয়াকৈ আন অজস্ৰ সমস্যাৰ সৃষ্টি কৰে। চুৰি-ডকাইতি, সন্ত্ৰাসবাদ, বিচ্ছিন্নতাবাদ, বলপূৰ্বক ধন আহৰণ, অপহৰণ আদি এশ এটা সমস্যা এই অৰ্থনৈতিক অনগ্ৰসৰতাৰেই ফলশ্ৰুতি যেন লাগে, যিবোৰ আমাৰ মুলুকত সঘনাই ঘটি থকা ঘটনাত পৰিণত হৈছে। ইয়াৰ পৰিণতি স্বৰূপে চৰকাৰ তথা প্ৰশাসন যন্ত্ৰয়ো নিজকে আইন-শৃংখলাজনিত কথাবোৰতেই ব্যস্ত ৰাখিবলগীয়া হয়, সামাজিক উন্নতিকৰণৰ কামবোৰত মন দিবলৈ সময়ৰ অভাৱ হয়।

 সমস্যা এটা দৃষ্টিগোচৰ কৰিলেই বা কৰালেই সমস্যাৰ ওৰ নপৰে। সমস্যাৰপৰা পৰিত্ৰাণৰ উপায় বিচৰাও আমাৰেই দায়িত্ব। সমস্যাটো তথা তাৰপৰা পৰিত্ৰাণৰ বিষয়ে চিন্তা-চৰ্চা কৰাত যিখিনি কথা মনলৈ আহিল তাকেই ৰাইজৰ আগত বিচাৰৰ বাবে দাঙি ধৰাই এই প্ৰবন্ধৰ উদ্দেশ্য।

 প্ৰবন্ধটিৰ আৰম্ভণিতে অবতাৰণা কৰা অতীত ৰোমন্থনতে আমি সমস্যা সমাধানৰ এক আশা দেখোঁ। যিদৰে অসমীয়া ভাষাৰ দুৰৱস্থাৰ সময়ত অসম সাহিত্য সভাই এক সঞ্জীৱনী সুধা প্ৰদান কৰি ভাষাটোৰ হৃত গৌৰৱ উদ্ধাৰ কৰিছিল, সেইদৰে হয়তো আমাৰ আৰ্থিক অনগ্ৰসৰতাৰ