পৃষ্ঠা:চাকৰি ক’তেনো পাম.pdf/৩২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩১
অসমৰ শিক্ষিত নিবনুৱা সমস্যা আৰু ব্যৱসায়

গঢ় লৈ উঠিলে ব্যৱসায়ী এজনৰ বাবে গ্ৰাহকৰ মনৰ কথাৰ উমান পোৱাটো সহজ হৈ উঠিব। বিভিন্ন ক্ষেত্ৰত ব্যৱসায়ীজনে গ্ৰাহকৰ পৰাও সজ উপদেশ পাব পাৰে। যিটোৱে তেওঁৰ ব্যৱসায়ৰ প্ৰসাৰণত অৰিহণা যোগাব পাৰে।

  • ব্যৱসায়িক লাভৰ সু-বিনিয়োগ :

 অসমীয়া ব্যৱসায়ী বহুতৰ ক্ষেত্ৰত দেখা যায় যে তেওঁলোকে কিছু লাভান্বিত হৈ পৰাৰ লগে লগে দামী দামী কাপোৰ, সোণৰ চেইন, গাড়ী আদিত সেই ধন খৰচ কৰিবলৈ আৰম্ভ কৰে। আমাৰ দৃষ্টিত ই এক পতনমুখী আচৰণ। ব্যৱসায়ৰপৰা হোৱা লাভৰ এক বুজন অংশ সেই ব্যৱসায়ৰে উন্নতি তথা প্ৰসাৰৰ বাবে বিনিয়োগ একান্তই বাঞ্ছনীয়, অন্ততঃ আৰম্ভণি পৰ্যায়ত।

  • সফল, সৎ ব্যৱসায়ীৰ লগত সুসম্পৰ্ক :

 সফল, সৎ ব্যৱসায়ীৰ দ্বাৰা লিখা কিতাপ পঢ়া আৰু পাৰিলে তেওঁলোকৰ লগ হৈ কথা-বতৰা পাতি তেওঁলোকৰ দ্বাৰা অনুপ্ৰেৰিত হোৱাটোও খুবেই দৰকাৰী। তেনে কৰিলে মনত কেতিয়াও ঋণাত্মক দৃষ্টিভংগীয়ে খোপনি পুতিব নোৱাৰে, আত্মবিশ্বাসৰ অভাৱ নঘটে আৰু ইয়েই আমাক এজন সৎ তথা সফল ব্যৱসায়ী হোৱাত প্ৰভূত বৰঙণি যোগাব।

 ওপৰত উল্লেখ কৰা কথাবোৰ যে অকল সফল ব্যৱসায়ী হ’বলৈহে দৰকাৰ তেনে নিশ্চয় নহয়। আমি যি বৃত্তিয়েই নলওঁ কিয় সকলোৰে বাবে দৰকাৰী। কিন্তু ৬০-৪০ৰ 'খেলা'ই ব্যৱসায়ৰ মূল কথা বুলি প্ৰচলিত এক ভ্ৰান্ত ধাৰণাই আমাৰ সমাজত তথা যুৱক-যুৱতীৰ মাজত খোপনি পুতি বহা বাবেই এইখিনি কথা লিখিবলগীয়া হ’ল।

 শেষত ইয়াকে কৈ সামৰিবলৈ ওলাইছো, সাঁতোৰা সম্পৰ্কে যিমানেই তাত্ত্বিক কথা নপঢ়ো কিয়, আলোচনা নকৰো কিয়, পানীত নানামিলে সাঁতুৰিব নোৱাৰি। সেয়ে আমাৰ যুৱক-যুৱতীলৈ এক আকুল আহ্বান—কথাবোৰ গমি-পিতি লৈ ব্যৱসায়ৰ ক্ষেত্ৰত নামি যোৱা, সততা, নিষ্ঠা, পৰিশ্ৰম আদিক মূলধন হিচাপে লৈ, সফলতা নিশ্চয় আহিব। আমি এই ক্ষেত্ৰত নিশ্চিত। ❏