পৃষ্ঠা:চাকৰি ক’তেনো পাম.pdf/২৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৮
চাকৰি ক’তেনো পাম


 আমি কিহৰ ব্যৱসায় কৰিম? সেইটো নিৰ্ভৰ কৰিব বিভিন্ন কথাৰ ওপৰত যেনে আমি কি কৰি ভাল পাম, কিমান মূলধন খটুৱাব পাৰিম, তাৰ বজাৰ, গ্ৰাহক ওচৰে-পাঁজৰে পাম নে নাই ইত্যাদি। আমাৰ মনে কয় নিজে ভাল পোৱা ‘লাইন’ এটাত ব্যৱসায় কৰা ভাল কাৰণ তেতিয়া মনঃসংযোগ বেছিকৈ হয়, যিটো ব্যৱসায়ৰ বাবে অতি প্ৰয়োজনীয়। ঘৰত বহি থাকি কি ব্যৱসায় কৰিম তাক নিৰ্ধাৰণ কৰা ভুল, তাৰ বাবেও আচলতে এটা ‘পাইলট চাৰ্ভেৰ দৰকাৰ। আমাৰ ল'ৰা-ছোৱালীয়ে বিভিন্ন শিক্ষামূলক ভ্ৰমণৰ সময়ত বাহিৰলৈ যাওঁতে অকল ঠাইসমূহ চাই ফুৰা, কাপোৰ-কানি আদি বজাৰ কৰাৰ লগতে এটি নজৰ ৰাখিব লাগে যে তাৰ যুৱক-যুৱতী সকলে কি কৰি নিজৰ অন্ন-সংস্থাপনৰ বাট মোকলাইছে। আমাৰ মনত সততে নহা অজস্ৰ দিশত ব্যৱসায় হ'ব পাৰে, তাৰ বাবে ‘পাইলট চাৰ্ভে আৰু আমাৰ তীক্ষ্ণ নজৰ দৰকাৰী। দুটামান উদাহৰণ দিওঁ। আমাৰ যোৰহাটৰে শ্ৰীলীলা চৰণ দত্তই হেনো মৌজোল বিক্ৰী কৰি বছৰি ২২ লাখমান টকাৰ ব্যৱসায় কৰি আছে, কোনেও হয়তো সপোনতো নেভাবে যে অকল মৌজোলৰপৰা বছৰি ইমান টকাৰ ব্যৱসায় হ'ব পাৰে। এছিয়াৰ এগৰাকী অতি ধনী ব্যক্তি এগৰাকী মহিলা। তেওঁৰ একমাত্ৰ ব্যৱসায় হৈছে ম'বাইলৰ ওপৰত থকা আয়নাখন বনোৱা। মুদ্ৰণ কৰা প্ৰেছত কিতাপ এখন ছপোৱাৰ পিছত তাৰ তিনিটা কাষ অলপ অলপ কাটি দিয়া হয়, সমান কৰি দেখাত ধুনীয়া কৰাৰ বাবে। মুদ্ৰণ ব্যৱসায়ৰ লগত জড়িত মানুহে ইয়াক ‘চাতি’ দিয়া বুলি কয়। আমাৰ দৃষ্টিত একেবাৰে অলাগতিয়াল, এই সৰু কাগজৰ টুকুৰাবোৰ মুদ্ৰণ প্ৰেছৰপৰা কিনি পুনৰ্ব্যৱহাৰ (Recycle) কৰা ঠাইত বিক্ৰী কৰি লাখপতি হোৱা মানুহো দেখাৰ অভিজ্ঞতা আমাৰ আছে।

 ওপৰত আমি কেইটামান উদাহৰণহে দিলো। আমাৰ দৃষ্টিত ধৰা নিদিয়া, একেবাৰে সামান্য বুলি ভবা বিষয়তো যে বৃহৎ ব্যৱসায় গঢ় লৈ উঠিব পাৰে তাৰ বাবে আমাৰ সূক্ষ্ম দৃষ্টি প্ৰয়োজন। আমাৰ যুৱক- যুৱতীসকলে শিক্ষামূলক ভ্ৰমণৰ বাবে যেতিয়া ডাঙৰ ডাঙৰ মহানগৰীলৈ যায়, তাত থকা এক বৃহৎ ব্যৱসায় কেন্দ্ৰলৈ যোৱাটো যদি সেই শিক্ষামূলক ভ্ৰমণৰ এক অংগ কৰি লয় তেন্তে আমাৰ বিশ্বাস যে তেওঁলোকে তেনে বহু ৰাস্তাৰ সন্ধান পাব।  ব্যৱসায়ৰ ক্ষেত্ৰখন ভাবি-চিন্তি ঠিক কৰাৰ পিছত আমাৰ বোধেৰে