পৃষ্ঠা:চাকৰি ক’তেনো পাম.pdf/২৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৭
অসমত শিক্ষিত নিবনুৱা সমস্যা আৰু ব্যৱসায়

ওলাব, সেইটো নুই কৰিব নোৱাৰি। আচলতে ব্যৱসায়-বাণিজ্যৰ সফলতাৰ বাবে শিক্ষাৰ খুবেই দৰকাৰ।

 সঘনাই উত্থাপিত হোৱা দ্বিতীয় কথাটো হৈছে ব্যৱসায়ৰ বাবে ধন- বিত ক’ত পাম, আমাৰ ঘৰৰ অৱস্থা ইমান ভাল নহয়।

 আমাৰ উত্তৰ হৈছে বহিঃৰাজ্যৰপৰা আহি অসমত ডাঙৰ ডাঙৰ ব্যৱসায় আৰম্ভ কৰা সকলোৱে ঘৰৰ পৰা অজস্ৰ টকা-পইচ্ছা আনি ইয়াত ব্যৱসায় খুলিছে নেকি? নিশ্চয়কৈ নহয়। তেওঁলোকে জানে কেনেকৈ এটা ব্যৱসায়ভিত্তিক ‘প্ৰজেক্ট’ দাখিল কৰি বিভিন্ন অৰ্থনৈতিক অনুষ্ঠানৰপৰা আৰ্থিক ঋণ লাভ কৰিব পাৰি আৰু তেওঁলোকে তাকেই কৰে। চৰকাৰ তথা বিভিন্ন অৰ্থনৈতিক অনুষ্ঠানৰ আৰ্থিক ঋণবোৰ সম্পৰ্কে কোনো ধৰণৰ সম্যক জ্ঞান নথকা বাবেহে তেনে প্ৰশ্নৰ অৱতাৰণা হয় আমাৰ যুৱক-যুৱতীৰ ক্ষেত্ৰত। সমাধান এটাই—সেই সম্পৰ্কে তেওঁলোকে জ্ঞান আহৰণ কৰিব লাগিব। ইণ্টাৰনেট, অভিজ্ঞ ব্যৱসায়ী, চৰকাৰী চাকৰিয়াল অথবা বিভিন্ন অৰ্থনৈতিক অনুষ্ঠানত কাম কৰা কৰ্মচাৰীসকলৰ ওচৰ চাপি তেওঁলোকৰ পৰামৰ্শ লৈ সেই বাধা তেওঁলোকে হেলাৰঙে পাৰ কৰিব পাৰে।

 গতিকে আমাৰ মতে আমাৰ যুৱক-যুৱতীসকলে ভাবি থকা মূলধনৰ অৰ্থনৈতিক সমস্যাটো এটা মনে সজা সমস্যাহে। তাক পাৰ কৰিব পৰা ৰাস্তা তেওঁলোকৰ হাতত আছে।

 এই সংক্ৰান্তত উত্থাপিত হোৱা আন এটা প্ৰশ্ন হৈছে—ঠিক আছে, ঋণ লোৱা হ’ল, যদি ব্যৱসায় চলে ঋণ ক’ৰপৰা পৰিশোধ কৰিম?

 আমাৰ দৃষ্টিত ইও এটা মনে সজা সমস্যাহে। মানুহৰ জীৱনটোওতো ক্ষন্তেকীয়া। অহাকালিও আমি মৰিব পাৰো, তেন্তে চাকৰি এটানো কিয় লাগে? আমি সকলোৱে আশাত বন্দী, আশা লৈ আগবাঢ়ো। কেইটামান বিশেষ গুণ আহৰণ কৰাৰ লগতে কেইটিমান বিশেষ দিশলৈ সতৰ্ক নজৰ ৰাখিলে আমাৰ মনে কয়, ব্যৱসায় নচলিলে কিদৰে ঋণ পৰিশোধ কৰিম’ জাতীয় প্ৰশ্নৰ অৱতাৰণাই নহয়। তলত আমি সেইসমূহৰ বিষয়েই এক সংক্ষিপ্ত বৰ্ণনা দাঙি ধৰিবলৈ চেষ্টা কৰিছো।