যুৱক-যুৱতীসকলে তেনেকুৱা ব্যৱয়াসিক প্ৰতিষ্ঠান এটাত ২/৩ বছৰ কাম কৰিলে বহু লাভবান হ’ব। কাৰণ প্ৰথম দৃষ্টিত ধৰা নপৰা বহু অংগাংগী সমস্যা তথা সেইবোৰ কেনেদৰে সমাধান কৰা হয়, সেই সম্পৰ্কে তেওঁলোকৰ এক ভাল ধাৰণা গঢ় লৈ উঠিব। অৱশ্যে তাৰ বাবে দৰকাৰ হ’ব নিৰ্লিপ্তভাৱে অকল নিজৰ দায়িত্বখিনি পালন কৰাৰ পৰিৱৰ্তে সকলো বিষয়তে এক চোকা নজৰ ৰখাৰ, যাতে ২/৩ বছৰ পিছত তেওঁলোকে নিজে তেনেকুৱা এক ব্যৱসায় প্ৰতিষ্ঠান গঢ় দিব পাৰে। এইখিনিতে এটা কথা উল্লেখ কৰাৰ দৰকাৰ বোধ কৰিলো। এনেকুৱা ব্যৱসায়ভিত্তিক প্ৰতিষ্ঠানবোৰে খুব ভাল দৰমহা হয়তো নিদিব পাৰে। তালৈ খুব মন কাণ নিদি নিজ স্বাৰ্থৰ খাতিৰতে, যি দিয়ে তাকে গ্ৰহণ কৰি কামখিনি ভালদৰে শিকি লোৱাটো আমাৰ দৃষ্টিত বুদ্ধিমানৰ কাম হ’ব। এনে নকৰি হঠাতে নিজে এক ব্যৱসায় আৰম্ভ কৰিলে অসফল হোৱাৰ সম্ভাৱনা বেছি থাকে। মনত ৰাখিব লগা কথা যে ব্যৱসায়-বাণিজ্যৰ বাবে মূলধনতকৈও অভিজ্ঞতাৰহে দৰকাৰ বেছি।
আমাৰ ডেকা-ডেকেৰীসকলৰ মাজত প্ৰচলিত আন এক ভ্ৰান্ত ধাৰণ হৈছে ব্যৱসায়ত সততা নালাগে, সৎ মানুহে ব্যৱসায় কৰিব নোৱাৰে। চকুৰ সন্মুখত ৬০-৪০ৰ ‘খেল’ খেলাসকলহে দোপতদোপে উন্নতি কৰি ‘সফল ব্যৱসায়ী’ হৈছে। আমাৰ দৃষ্টিত সেয়া ‘ব্যৱসায়’ নহয় ‘দালালি’হে। সময়ৰ লগে লগে পৰিৱৰ্তন আহিব, তেওঁলোক কেতিয়া ৰঙা ঘৰৰ আলহী হৈ নিজৰ ‘ব্যৱসায়িক সাম্ৰাজ্য’ৰপৰা বিতাড়িত হয় তাৰ কোনো নিশ্চয়তা নাই। কিন্তু সততা, নিষ্ঠাৰে ব্যৱসায় গঢ়ি তোলা ব্যৱসায়ীয়ে তেনেকুৱা অনিশ্চয়তাত ভূগিব লগা নহয়। ভুকুতে কল পকোৱাৰ চেষ্টা নকৰাই ভাল অৰ্থাৎ অসৎভাৱে কোনেও অতি কম সময়ৰ ভিতৰত ধনী হ’বলৈ চেষ্টা কৰিব নালাগে। সততা, নিষ্ঠাৰে গঢ়ি তোলা ব্যৱসায়ৰপৰা যি মানসিক সন্তুষ্টি পোৱা যাব সেই সন্তুষ্টি অসৎ ব্যৱসায়ীয়ে কেতিয়াও নাপায়। আৰ্থিক দুৰ্নীতিৰ বাবেই অতি সম্পদশালী হৈয়ো আমাৰ ৰাষ্ট্ৰখন আজিলৈ উন্নত দেশৰ শাৰীলৈ উঠিব পৰা নাই। আমাৰ দৃষ্টিত দুৰ্নীতিৰ দ্বাৰা ব্যৱসায় কৰি নিজৰ সম্পদ হোৰাহোৰে বঢ়োৱাতকৈ সততাৰে ব্যৱসায় কৰি নিজৰ লগতে আৰু দহজনৰ অন্ন সংস্থাপনৰ বাট যদি মোকলাই দিব পাৰো সেয়ে হ’ব এক সফল ব্যৱসায় আৰু আমাৰ দেশক এক উন্নত দিশে