পৃষ্ঠা:চাকৰি ক’তেনো পাম.pdf/২০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

শিক্ষিত নিবনুৱাৰ বাবে চাকৰিৰ
এক উৰ্বৰা ক্ষেত্ৰ—
‘ফায়াৰ এণ্ড চেফ্‌টি মেনেজমেন্ট’

 আমাৰ বোধেৰে মানুহৰ থাকিবলগীয়া আৱশ্যকীয় গুণসমূহৰ ভিতৰত ‘কৃতজ্ঞতাবোধ’ অন্যতম। ই নিজকো আনন্দ দিয়ে আৰু যাৰ প্ৰতি কৃতজ্ঞতা প্ৰকাশ কৰা হয় তেওঁকো সুখী কৰে। লিখনিটোৰ আৰম্ভণিতে সেয়ে মোৰ পিনৰ পৰা তেনে কৃতজ্ঞতা প্ৰকাশ কৰি লৈছো দিল্লী বিশ্ববিদ্যালয়ত মোৰ একালৰ সহপাঠী বান্ধৱী আগৰ মল্লিকা বৰুৱা তথা বৰ্তমান মল্লিকা বৰুৱা শৰ্মালৈ, কাৰণ আজিৰ লিখনিটোৰ সমল তেওঁ যোগান ধৰা। মল্লিকা এটা সময়ত একেৰাহে কেইবাবছৰ ধৰি বেডমিণ্টনৰ মহিলা শাখাৰ ‘ডাবল্‌ছ’ত ভাৰতৰ চেম্পিয়ন আছিল আৰু থমাচ কাপ, উবেৰ কাপ আদিত ভাৰতক প্ৰতিনিধিত্ব কৰিছিল। আমাৰ নৱপ্ৰজন্মই জানি অনুপ্ৰাণিত হ’ব যে মল্লিকাই খেলৰ ক্ষেত্ৰত ইমান সুনাম অৰ্জন কৰাৰ লগতে গণিত শাস্ত্ৰত দিল্লী বিশ্ববিদ্যালয়ৰ পৰা প্ৰথম বিভাগত এম.এছ.চি. পৰীক্ষাত উত্তীৰ্ণ হয় আৰু তাৰ পিছত গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা পৰিবেশ বিজ্ঞান বিষয়ত এম্. ফিল্ ডিগ্ৰী লাভ কৰে। বৰ্তমান তেওঁ ‘অইল ইণ্ডিয়া লিমিটেড’ৰ ‘চীফ মেনেজাৰ’ (এনভাইৰন্‌মেণ্ট)। অফিচ গুৱাহাটীৰ নুনমাটিত আৰু তেওঁৰ মেইল হৈছে mallikasa@ gmail.com