পৃষ্ঠা:চাকৰি ক’তেনো পাম.pdf/১৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৮
চাকৰি ক'তেনো পাম?

উপায় দিব পাৰিম। পিতা-পুত্ৰ দুয়োকে বিশ্ববিদ্যালয়ৰ কেণ্টিনলৈ নি আমি অলপ আছুতীয়াকৈ বহি ল’লো আৰু ল’ৰাক কিছু সান্ত্বনা দিলো আৰু লগতে ক’লো যে যিহেতু তেওঁ ইতিমধ্যে দুবছৰ বিশ্ববিদ্যালয়ত কটালে গতিকে আকৌ পৰীক্ষা নিদিলে তেওঁৰ ভৱিষ্যতে এক আক্ষেপ থাকি যাব পাৰে ডিগ্ৰীটো আধৰুৱা কৰি এৰি যোৱা বাবে। সেয়ে এইবাৰ আকৌ পৰীক্ষা দিয়ক কোনো উচ্চ নম্বৰৰ আশা নকৰাকৈ। পাচ কৰিলেই হ'ব আৰু তাৰ পিছতে অলপ কম স্তৰৰ যিবোৰ প্ৰতিযোগিতামূলক পৰীক্ষা আছে যেনে—বেংকৰ কেৰাণী বা ষ্টাফ্ চিলেক্‌চনৰ অলপ তলখাপৰ পদবোৰৰ বাবে নিজকে সাজু কৰক। আগৰবাৰৰ অকৃতকাৰ্যতাই তেওঁক বৰঞ্চ সেই প্ৰতিযোগিতামূলক পৰীক্ষাবোৰৰ সন্মুখীন হোৱাত সহায়হে কৰিব, যিহেতু প্ৰতিযোগিতামূলক পৰীক্ষাবোৰত কৃতকাৰ্য হ’মেই বুলি খুব কমেইহে আগধৰি দৃঢ়তাৰে ক’ব পাৰে। কিন্তু তেওঁৰ পিনৰ পৰা চেষ্টাৰ কোনো অবকাশ থাকিব নালাগিব।

 আজি মই জনাবলৈ পাই খুব আনন্দিত যে সেই শ্ৰীমান ৱাইয়ে পিছৰ বছৰ পঞ্চাছৰ ওপৰ শতাংশ নম্বৰ লৈ এম.এছ.চি. পাছো কৰিলে আৰু তাৰ পিছৰ বছৰ ষ্টাফ্ চিলেক্‌চন্ কমিছনৰ ‘ডিগ্ৰী লেভেল’ৰ পৰীক্ষাত কৃতকাৰ্যতাৰে উত্তীৰ্ণ হৈ বৰ্তমান কেন্দ্ৰীয় চৰকাৰৰ এজন বিষয়া হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে। তেওঁৰ লগৰে, তেওঁতকৈ বহু ভালদৰে এম.এছ.চি. পাছ কৰি পি.এইচ.ডি. কৰা দুই-এজনৰ কিন্তু আজিও একো সংস্থান হোৱা নাই, যিটোৱে অৱশ্যে মনটোত দুখো দিয়ে।

 সকলোতে থলুৱাক শোষণ কৰা, বঞ্চিত কৰা, মাহী আইৰ দৃষ্টিৰে চোৱাৰ শ্লোগান দি থকা আমি যদি এই সৰু দুই-এটা কিটিপ শিকি লৈ সাময়িকভাৱে নিজৰ ডিগ্ৰীৰ ‘ভেম’টো বাদ দি কিটিপবোৰৰ যথোপযুক্ত প্ৰয়োগ কৰো তেন্তে নিশ্চয় এদিন আমাৰ সুদিন আহিব, যেতিয়া আমি তেনে শ্লোগানবোৰ আঁওৰাই থকাৰ দৰকাৰ নহ’ব, কাৰণ ব্যৱহাৰিক পৃথিৱীখনত হয়তো এটা কথাই সত্য—“যোগ্য ভোগ্য বসুন্ধৰা”, সেই ‘যোগ্যতা’ হয়তো পৰীক্ষাৰ নম্বৰ নাইবা উচ্চতৰ ডিগ্ৰী নহৈ সৰু কিটিপ এটাও হ’ব পাৰে কাৰণ ব্যৱহাৰিক পৃথিৱীখনত সকলো ‘আপেক্ষিক’ (relative), ইয়াত একোৱেই ‘পৰম’ (absolute) নহয়। ❏