পৃষ্ঠা:চাকৰি ক’তেনো পাম.pdf/২১

ৱিকিউৎসৰ পৰা
নেভিগেশ্যনলৈ যাওক সন্ধানলৈ যাওক
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২০
চাকৰি ক’তেনো পাম

 মল্লিকাই মোক এটা ঘটনাৰ বিষয়ে লিখিবলৈ অনুৰোধ কৰিলে। তেওঁ কোৱা কথাখিনিৰ লগত মই ইণ্টাৰনেটৰ পৰা লোৱা কিছু সমল যোগ কৰি দিছো ৰাইজৰ জ্ঞাতাৰ্থে।
 আমাৰ আশা—ঘটনাটোৱে স্কুল বা কলেজৰ কিবা এটা ডিগ্ৰী লৈ চাকৰি বিচাৰি হাবাথুৰি খাই ফুৰা ছাত্ৰ-ছাত্ৰীসকলৰ সন্মুখত এচমকা পোহৰ দেখুৱাওক। দুই-এগৰাকী ছাত্ৰ-ছাত্ৰীও যদি উপকৃত হয়, সি আমাক আনন্দ দিব আৰু ভৱিষ্যতেও এনে ঘটনা ৰাইজৰ আগত দাঙি ধৰিবলৈ অনুপ্ৰেৰণা যোগাব।
 ২০০৯ চনৰ ২৯ অক্টোবৰত জয়পুৰৰ কোনোবা এটা তেলৰ ৰিফাইনেৰীৰ ‘টেংকিত’ জুই লাগে। বহু কষ্টৰ মূৰত জুই নিৰ্বাপিত হ’ল। চৰকাৰে অনুসন্ধান কমিটি বহুৱালে। কমিটিয়ে পৰামৰ্শ দিলে যে ৰিফাইনেৰী, অইল ইণ্ডিয়া লিমিটেড, অ’এন.জি.চি., এয়াৰপৰ্ট, বীমাকৰণ কোম্পানী, বিভিন্ন কনষ্ট্ৰাক্‌চন্‌ কোম্পানী আৰু কেমিকেলৰ লগত জড়িত যিবোৰ চৰকাৰী/বেচৰকাৰী অনুষ্ঠান আছে তাত ‘ফায়াৰ এণ্ড চেফ্‌টি মেনেজমেণ্ট’ৰ জ্ঞান থকা মানুহৰ অতি দৰকাৰ, যিটো সেই সময়লৈ নাছিল। লগে লগে আৰম্ভ হ’ল চাকৰিৰ এক নতুন ক্ষেত্ৰ। স্বাভাৱিকভাৱেই ক্ষেত্ৰখনত জড়িত চাকৰিবোৰৰ বাবে দৰকাৰী জ্ঞান থাকিব লাগিব ‘ফায়াৰ এণ্ড চেফ্‌টি মেনেজমেণ্ট’ৰ। আৰম্ভণি অৱস্থাত এচামৰ কপাল ফুলিল। সৰু সুৰা তেনেকুৱা ডিপ্লমা থকাজনেও বহু ডাঙৰ চৰকাৰী / বেচৰকাৰী অনুষ্ঠানত ভাল ভাল চাকৰি পাবলৈ সক্ষম হ’ল, যোগ্যতা থকা মানুহৰ অভাৱত। চাকৰিৰ এই ক্ষেত্ৰখন কিন্তু তেল চহকী মধ্যপ্ৰাচ্যত আজি বহু বছৰ ধৰি চলি আছে। গোটেই ভাৰতৰ অনুষ্ঠানসমূহ তথা মধ্যপ্ৰাচ্যত যিমান যোগ্য মানুহৰ দৰকাৰ সিমান মানুহ এতিয়াও ওলোৱা নাই। শুনা মতে আৰু ৮/১০ বছৰমানৰ বাবে সেই ক্ষেত্ৰখন চাকৰিৰ বাবে উৰ্বৰা হৈয়ে ৰ’ব। চাকৰিসমূহো যোগ্যতা অনুযায়ী বেলেগ বেলেগ স্তৰৰ। মেট্ৰিক, হায়াৰ ছেকেণ্ডাৰী, ডিগ্ৰী (মেজৰ থকা বা নথকা) আনকি কেমিকেল, চিভিল, মেকানিকেল আদি ইঞ্জিনীয়াৰসকলেও তেনে চাকৰিৰ বাবে চেষ্টা কৰিব পাৰে ভাৰত বা মধ্যপ্ৰাচ্যৰ বিভিন্ন অনুষ্ঠানত। লগত লাগিব মাত্ৰ ‘ফায়াৰ এণ্ড চেফ্‌টি মেনেজমেণ্ট'ৰ এবছৰীয়া ডিপ্ল’মা