সমললৈ যাওক

পৃষ্ঠা:চন্দ্ৰপ্ৰভা.pdf/৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
প্ৰথম পৰিচ্ছেদ।

ধৰি কলে, “চন্দ্ৰ! তুমি তোমাৰ দৰাটিক দেখিছানে?” এনেতে মালতীয়ে হাঁহি হাঁহি কলে, “দৰা দেখাৰ কথা সুধিছা, সেই ফেৰি কন্যা দেখাৰ আগেয়ে হৈ গৈছে।” ইয়াকে শুনি সকলো কেইজনী ছোৱালীয়ে মালতীক সুধিবলৈ ধৰিলে—“ভনিটি! তই নো কেনেকৈ জানিলি, সঁচা কৈছনে এনে মিছামিছি কৈয়ে কৈছ? আৰু তইনো কাহানি খন দেখাৰ কথা কৈছ,আমাৰ আগত কচোন।” তেতিয়া মালতীয়ে হাঁহি হাঁহি কবলৈ ধৰিলে, খুড়াদেউ মাজতে এদিন ধনপুৰলৈ গৈছিল, তাতে তেওঁৰ লগত প্ৰসন্নৰ দেখা হয়। আৰু অলপতে এদিন তেওঁ ইয়ালৈয়ো আহিছিল, সেই সময়তে আমাৰ সখীয়ে তেওঁক দেখিছে। মালতীয়ে আৰু কিবা কিবি কবলৈ ধৰিছিল। এনেতে চন্দ্ৰপ্ৰভাই তেওঁৰ মুখত দুয়োখন হাতেৰে সোপামাৰি ধৰিলে। লাজতে চন্দ্ৰপ্ৰভাৰ মুখ খন সিন্দূৰতকৈও ৰঙ্গা হ'ল। এটাই কেইজনী গাভৰুয়ে হাঁহিবলৈ ধৰিলে। চন্দ্ৰপ্ৰভাৰ চুলি কোছা বন্ধা হ’ল। এজনী গাভৰুয়ে কলে, “চন্দ্ৰৰ মুৰটো চুলিৰেভৰা; খোপাটি বৰ ধুনিয়া হৈছে।” সকলোৱে মিলি চন্দ্ৰপ্ৰভাক সাজপাৰ কৰিলে। সেই সময়ত তেওঁৰ ৰূপৰ জেউতী এনে হৈছিল যে তাক বৰ্ণাবলৈ সুকঠিন। আৰু সকলোটি ছোৱালীৰ মাজত, তৰাৰ মাজত জোনোবাই যিদৰে জিলিকে, তেওঁ সেইদৰে জিলিকিছিল।

 সন্ধ্যা সময়ত বিয়াৰ লগ্ন। ঢুলিয়া ডগৰীয়াৰে সৈতে বৰ ধুম-ধাম কৰি দৰা যথা সময়ত আহি পালে। দৰা অহা কথা শুনি