পৃষ্ঠা:চন্দ্ৰপ্ৰভা.pdf/৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

চন্দ্ৰপ্ৰভা। যেতিয়৷ চাৰি বছৰ বয়স, তেতিয়াই তেওঁৰ মাকে সকলোকে কন্দুয়াই, তেওঁক মাউৰী কৰি, শাখাইসিন্দুৰে সিফলীয়া হইছে। কেইজনমান দূৰৈৰ মিতিৰ কুটুমে আহি বিয়াৰ কাজ কাম কৰিছে, আৰু বস্তুবাহানিও গোটোৱা মিল৷ কৰিছে। গাঁওৰ গাভৰুবিলাকৰ আজি বৰ ধুমধাম হৈছে। তেওঁবিলাকে সকলোৱে সাজি পাৰি আহি বৰুৱা ডাঙ্গৰীয়াৰ ঘৰ খন পোহ বাইছে। গাঁওৰ লৰাছোৱালীবিলাকে বিয়া চাবলৈ পাম বুলি ৰঙ্গতে নাচি বাগি ফুৰিবলৈ ধৰিছে। আজি সকলোৰে গাত তত নাইকিয়া হৈছে। গাঁওব বয়সীয়াল তিৰোতাবিলাকৰ বিয়াৰ বনবাৰি কৰিবৰ নিমিত্তে গাত তত নাই; গাভৰুহঁতৰ হাঁহি থিকিন্দলী কৰিবলৈ আৰু লৰাছোৱালী বিলাকৰ হাই মৰামৰি কৰিবলৈ গাত তত নাইকিয়া হৈছে। কিন্তু আমাৰ চন্দ্ৰপ্ৰভাব বৰ বিপদ হৈছে। গাঁওৰ গাভৰুহঁতৰ চেঙা বিদ্ৰূপত তেওঁ লাজতে নমতা নোবোলাকৈ একে ঠাইতে বহি আছে। তেওঁৰ সখীয়েক মা লতীয়ে তেওঁৰ চুলি কোছা বান্ধি দিবলৈ ধৰিছে। আন আন ছোৱালীবিলাকে চাবিও পিনে বহি মেল পাতিছে। আৰু যিবিলাকে দৰা প্ৰসন্নকুমাৰক আগেয়ে দেখিছে, তেওঁবিলাকৰ সকলোৱে কৈছিল, “প্ৰসন্ন বৰ ভাল লৰা, তেওঁৰ যেনে ৰূপ গুণৰে৷ তেনেকৈ অলপো লাঘব নাই। আমাৰ চন্দ্ৰপ্ৰভাব লগত ভালকৈ জোৰ হব।” এজনী সমান বয়সীয়া ছোৱালীয়ে, চন্দ্ৰপ্ৰভাৰ গলত সাবতি