সমললৈ যাওক

পৃষ্ঠা:চন্দ্ৰপ্ৰভা.pdf/১০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
চন্দ্ৰপ্ৰভা।

গাভৰু হঁতে জোকাৰ দিবলৈ, আৰু নাম গাবলৈ ধৰিলে। পুৰোহিতে আহি আগেয়ে বিয়াৰ ঠাইত বহি আছিল। তেওঁ, দৰা অহা দেখি গৌৰীকান্ত বৰুৱাক দৰা বৰি আনিবলৈ কলে। আৰু গৌৰীকান্ত বৰুৱায়ো বৰ ধূমধামেৰে সৈতে দৰা বৰি আনিলে। পুৰোহিতে মন্ত্ৰ পঢ়িবলৈ ধৰিলে। আৰু যথা সময়ত বৰুৱা ডাঙ্গৰীয়াই চন্দ্ৰপ্ৰভাৰ কোমল হাত, প্ৰসন্নৰ হাতত অৰ্পণ কৰিলে। সেই সময়তে পিছফালৰ পৰা কোনোবাই সহিব নেৱাৰাহৈ দীঘলকৈ এটা হুমুনিয়াহ কাঢ়ি শুনা নশুনাকৈ কলে, “উঃ! সেই কথা আন কেৱে শুনিছে নে নাই কব নোৱাৰো। কিন্তু গৌৰীকান্ত বৰুৱাই সেই কথা শুনিলে! আৰু প্ৰসন্নয়ো শুনিলে!”

 যি পিনৰ পৰা এই শব্দটো শুনা গৈছিল, প্ৰসন্নই আচৰিত হৈ সেই পিনে চকুফুৰাই চালে। গৌৰীকান্ত বৰুৱাই আচৰিত হৈ সুধিলে , “কোন:” কেইজনী মাহ ছোৱালীয়ে সেই ফালে থিয়হৈ,বিয়াত সাধাৰণতঃ যি যি কাৰ্য্য কৰা হয় সেইবিলাক চাই আছিল। তাৰে ভিতৰৰ পৰা এজনীয়ে উত্তৰ দিলে, “মাণিক দাদা।” সেই কথা শুনি অলপ ৰং মনেৰে বৰুৱা ডাঙ্গৰীয়া থিৰ হৈ ৰল, আৰু অলপ আওকান ভাব ধৰিলে। ইপিনে প্ৰসন্নৰ প্ৰফুল্ল মুখ ও মলিন নোহোৱা হৃদয়ত এটা শোকৰ ছায়া আহি লাহে লাহে তেওঁক আবৰি ধৰিলে।

 বিয়া শেষ হ’ল, কন্যা সম্প্ৰদান হৈ গল। দৰা কন্যাক ঘৰলৈ নিলে। তাত যি যি কথা হৈছিল, তাক ইয়াত বৰ্ণনা কৰাৰ একো