সমললৈ যাওক

পৃষ্ঠা:চন্দ্ৰপ্ৰভা.pdf/৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
 

চন্দ্ৰপ্ৰভা
⸻0⸻
( সামাজিক চিত্ৰ )
⸻⸻
প্ৰথম পৰিচ্ছেদ।


 আজি চন্দ্ৰপ্ৰভাৰ বিয়া। চন্দ্ৰপ্ৰভাৰ বাপেক শ্ৰীযুত গৌৰীকান্ত বৰুৱাৰ আৰ্থিক অবস্থা তিমান ভাল নহলেও, বৰুৱা ডাঙ্গৰীয়াই তেওঁৰ একেজনী ছোৱালীৰ বিয়াখন বৰ ধুমধামেৰে পাতিছে। ঢুলিয়াই ঢোল বজাইছে, খুলিয়াই খোল বজাইছে, কালিয়াই কালি বজাইছে। ঢোল, খোল, কালি, সকলোৰে শব্দত গাওঁ-খনি আনন্দত ওপচি পৰিছে। চন্দ্ৰপ্ৰভাৰ মাক নাই; তেওঁৰ