পৃষ্ঠা:চন্দ্ৰপ্ৰভা.pdf/২৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

22 চন্দ্ৰপ্ৰভা। তাৰ পৰা জনা গৈছে যে মালতীয়ে চন্দ্ৰৰ মনৰ এাব ভালকৈ ভূ পায়। তুমি মিছা কথা এটি মনত ঠাই দি কষ্ট ভুগিছা।” প্ৰসন্নই কান্দো কান্দে৷ হৈ কলে, “নহয় ভাই! মই যে কোনো সন্দেহ কৰিহে এনে কাজ কৰিছোঁ এনে নহয়। কেৱল মনৰ সন্দেহ হলে ময় আজি কেতিয়াও এনেকুৱা নহলে। হেতেন। চন্দ্ৰপ্ৰভাব যে মাণিকব লগত কুভাব আছে ময় তাৰ যথেষ্ট প্ৰমাণ পাইছোঁ।” মহেশ্বৰে মনৰ হেপাহেৰে সুধিলে, “কি প্ৰমাণ পাইছা?” প্ৰসন্নই তেতিয়া চোলাৰ জেপৰ পৰা প্ৰভাৱতীয়ে দিয়া সেই চিঠিখনি উলিয়াই দি কলে, “চোৱা ভাই! এইখনই মই বৰ যতনেৰে ৰাখিছোঁ।” মহেশ্বৰে গোটেই চিঠি পঢ়া নোহা ৱাতেই আচৰিত হৈ কবলৈ ধৰিলে, “প্ৰসন্ন কি আচৰিত কথা? তুমি চকু থাকোতেই কণা হৈ কি কুকাজ কৰিছা? সেই নিমিত্তে তুমি গোটেই জীৱনটো অনুতাপ কৰিব লাগিব। এই চিঠিখন মাণিকৰ নহয়, আমাৰ মালতীব লেখা।” প্ৰসন্ন বহি আছিল থিয়হৈ উঠিল; আৰু অস্থিৰ ভাবে কলে, – “কি কথা? এই চিঠিখন মাণিকৰ নহৰ?” মহেশ্বৰে ------াৰে কলে, “নহয় এইখন মালতীৰ চিঠি”। প্ৰসন্নৰ মনৰ ভ্ৰান্তি একেবাৰে আতৰি গ'ল। এতিয়া তেওঁ মহেঁশ্বৰৰ কথা শুনি আগৰ দৰে হ'ল। মহেশ্বৰ ভিতৰলৈ যাব ধৰিছিল, প্ৰসন্নই তেওঁৰ হাতত ধৰি অস্থিৰ হৈ কলে, “মহেণ আৰু কথা এটি কৈ যোৱা। চন্দ্ৰপ্ৰভা, এতিয়া ক’ত?” মহেশ্বৰে মিছাকৈ কলে, “তেওঁ কত আছে ময় তাৰ