পৃষ্ঠা:চন্দ্ৰপ্ৰভা.pdf/২৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

ষষ্ঠ পৰিচ্ছেদ। চন্দ্ৰপ্ৰভাক পৰিত্যাগ কৰি ময় নো সুখে আছোঁনে? ভাই ময় যে কিমান অশান্তি ভোগ কৰিছোঁ তাক তুমি নেজানা। মহেশ! এই জন্মত মই দুৰ্ভগীয়া।” মহেশ্ববে আদৰেবে কবলৈ ধৰিলে, “ভাই অস্থিৰ নহবা। আজি তোমাৰ মনব কষ্ট দূৰ কৰিবৰ কাৰণেহে তোমাৰ আগত এই কথা উলিয়াইছোঁ। ময় তোমাৰ বন্ধু, মোৰ আগত সকলো কথা ভাঙ্গি কোৱা, বৰ উপকাৰ পাবা’ প্ৰসন্নই অস্থিৰ ভাবে কবলৈ ধৰিলে। “মহেশ! মই চন্দ্ৰপ্ৰভাক প্ৰাণতকৈও ভাল পাইছিলোঁ। মানুহে মানুহক তিমান ভাল পোৱা অসম্ভৱ। কিন্তু মোৰ প্ৰাণৰ ভাল পোৱা আৰু প্ৰেম পাইও চন্দ্ৰপ্ৰভা সুখী হব নোৱাৰিলে। কাৰণ তেওঁ সৰু কালৰে পৰা আন এটিক ভাল পাইছিল।” প্ৰসন্নক কথা কৱ নিৰ্দি, মহেশ্বৰে আকুল মনেৰে তেওঁক সুধিলে “সেইটি নো কোন?” প্ৰসন্নই এটি দীঘল হুমুনিয়াহ কাঢ়ি কাল, “মাণিক। মাণিকক চন্দ্ৰই সদাই ভাল পাইছিল। যদি বিয়াৰ আগেয়ে এইবিলাক কথা জানিব পাৰিলোঁ। হেতেন, তেন্তে আজি মই সহিব নোৱাৰা যাতনা ভোগ কৰিব নেলাগিল হেতেন।” মহেশ্বৰে কলে, “প্ৰসন্ন, তোমাৰ বিষম ভূল হৈছে৷ মাণিকে চন্দ্ৰ- প্ৰভাক ভাল পাইছিল, আৰু সেই নিমিত্তে দেশত্যাগীও হৈছে ই সঁচা। কিন্তু চন্দ্ৰপ্ৰভাই খন্তেকৰ কাৰনেও তেওঁৰ মনত মাণিকলৈ কোনো কুভাব ভবা নাই। চন্দ্ৰপ্ৰভাৰ লগত মালতীৰ যেনে ভাব,