একো খবৰ বাতৰী নেপাওঁ।কেটামান দিন মাকৰ ঘৰতে আছিল, এতিয়া কত আছে কব নোৱাৰোঁ।’ সেই কথাখিনি কৈ মহেশ্বৰ তাৰপৰা অন্য ফালে গ’ল। প্ৰসন্নৰ বুক খন কাঠ খৰিৰ জুইৰ দৰে দুপ দুপকৈ জ্বলিব ধৰিলে। দুয়ো হাত চকুত দি সহিব নোৱাৰা হৈ কলে, “চন্দ্ৰ! তুমি ক’ত। এবাৰ আহা মই তোমাক কাকুতি কৰিছোঁ, মোক ক্ষমা কৰা।” প্ৰসন্নই এইবিলাক কথা কৈ থাকোতে চন্দ্ৰপ্ৰভাই চকুৰ লো টুকি টুকি বেগেৰে আহি তেওঁৰ চৰণত দীঘল দি পৰিল। চন্দ্ৰৰ ভৰিৰ সাঁহাৰি পাই, প্ৰসন্নই চকুৰপৰা হাত দুখন গুছালে। আৰু চন্দ্ৰপ্ৰভাক দেখা পাই, বলিয়া মানুহৰ দৰে হৈ তেওঁক সাবোটা মাৰি ধৰি কবলৈ ধৰিলে৷ “চন্দ্ৰ! তুমি আহিছা? সঁচাইয়ে আহিছ৷? চন্দ্ৰ! তুমি দেবী, তুমি সতী, ময় তোমাৰ নামে মিছাতে অপবাদ দিছোঁ। মোৰ নৰকতো ঠাই নাই। চন্দ্ৰ! তুমি কোৱা, মোক ক্ষমা কৰিবা নে নকৰ৷ কোৱা।” চন্দ্ৰই প্ৰসন্নৰ বুকৰ মাজত তেওঁৰ মুখখন লুকাই মনে মনে কান্দিবলৈ ধৰিলে। আজি তেওঁ লোকৰ আনন্দ আৰু সুখৰ কথা এই ক্ষুদ্ৰ লেখলীৰে বৰ্ণাবলৈ সুকঠিন।
যথাসমষত প্ৰসন্নই চন্দ্ৰপ্ৰভাক লৈ ঘৰলৈ গ’ল। তেওঁৰ মাকে হেৰোৱা বোৱাৰীয়েকক পাই আনন্দ কৰিবলৈ ধৰিলে। আৰু প্ৰসন্নই সুখ মনেৰে দিন কটাবলৈ ধৰিলে।
⸺:°:⸻
সমাপ্ত।