সমললৈ যাওক

পৃষ্ঠা:চন্দ্ৰপ্ৰভা.pdf/২৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
ষষ্ঠ পৰিচ্ছেদ।

⸻:°:⸻

 এদিন প্ৰসন্ন মহেশ্বৰৰ লগত দেখা কবিৰ নিমিত্তে তেওঁৰ ঘৰলৈ আহিছে। মালতীৰ গিৰীয়েকে আন আন কথা হোৱাৰ পাছত কলে, “প্ৰসন্ন, আজি তোমাক এটা কথা সুধিম বুলি মনতে ভাবিছোঁ। তুমি সচাকৈ কবা।” প্ৰসন্নই হাঁহি মাৰি কলে “কি কথা? তোমাৰ গুৰিত নো ময় কোনো কথা নোকোৱাকৈ থাকোনে?” তেওঁ কলে, মোৰ গুৰিত তুমি কোনো কথা নোকোৱাকৈ নেথাকা দেখিহে ময়ো সুধিছো। ভাই! মালতীৰ মুখে শুনিছোঁ, তুমি হেনো তোমাৰ খৈনীয়েৰক এৰি দিছা!”

 প্ৰসন্নৰ প্ৰফুল্ল মুখ হঠাৎ ক’লা পৰিল। তেওঁ বিষাদ মনেৰে উত্তৰ দিলে, ভাই “ভাই সেইবিলাক কথা থৈ দিয়া। সেই কথা কৈ মোৰ মন বেয়া নকৰিবা। মহেশ্বৰে কলে, নহয় প্ৰসন্ন, তুমি আজি এই কথা কবই লাগিব। মালতীৰ মুখে তোমাৰ আচৰণ শুনি বৰ বেজাৰ পাইছোঁ। তোমাৰ নিচিনা জনা বুজা মানুহে বিনা অপৰাধত এজনী কোমলমতীয়া ছোৱালীক অপবাদ দি উলিয়াই দিয়া ময় সপোনতো ভবা নাছিলোঁ।” প্ৰসন্নৰ দুয়ো চকুৰে পানী বৰলৈ ধৰিলে। তেওঁ দুঃখ মনেৰে কব ধৰিলে, “মহেশ! তুমি মোক কিয় এইবিলাক কথা কৈ কটা ঘাত কলা খাৰ ঘঁহিচা?