পৃষ্ঠা:চন্দ্ৰপ্ৰভা.pdf/২৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

পঞ্চম পৰিচ্ছেদ। প্ৰসন্নৰ মাকে বোৱাৰীয়েকক মাকৰ ঘৰলৈ পঠাই দি মনে মনে ভাবিছিল যে এতিয়৷ তেওঁৰ ভাল হৈছে। ইবাৰ পুতেকক আকৌ বিয়া কৰায় ভাল বোৱাৰী আনিব। তেওঁ প্ৰসন্নক ঘৰলৈ আহিবলৈ চিঠি লিখিলে। কিন্তু প্ৰসন্নৰ কোনোমতেই ঘৰলৈ আহিবৰ ইচ্ছা নহল; বৰং তেওঁ মাকলৈ লিখিলে, যে আপুনি যদি বাৰে বাৰে মোক এনেকৈ বিৰক্ত কৰে তেনেহলে ইয়াৰ পৰাও গুচি যাম। আৰু মোৰ কোন খবৰ নাপাব। প্ৰসন্নই এই বেলিয়ে মাকৰ আজ্ঞা প্ৰথম লঙ্ঘন কৰিলে। মাকে মনে মনে বব বেজাৰ পালে। তেওঁ প্ৰভাৱতীৰ ষড়যন্ত্ৰ ইমান দিনে বুজিব পৰা নাছিল। এতিয়৷ জানিব পাৰিলে। চেনেহৰ জীয়েকৰ ওপৰত ৰব খং হ’ল! তেওঁ সদায় জীয়েকক গালি সপনি পাৰিবলৈ ধৰিলে। প্ৰভাৱতীয়ে গালি সপনি সহিব =ে= চিঠি লেখি। গিৰীয়েকক মাতি আনি তেওঁৰ লগতে শহুৰেকৰ ববলৈ গুচি গল॥ প্ৰসন্নৰ মাকৰ দুঃখৰ ওৰ নোহোৱা হ'ল। দুঃখে কষ্টে তেওঁ দিনে দিনে ক্ষীণাই যাবলৈ ধৰিলে। তেওঁৰ আৰূ আগৰ দৰে অহঙ্কাৰ ভাব নেথাকিল। একেটি পুতেক, সিয়ো ঘৰৰপৰা গুচি গৈছে; তদুপৰি বোৱাৰীয়েকৰ বিহনে তেওঁৰ ঘৰ মৰিশালিব দৰে হ'ল॥