পৃষ্ঠা:চন্দ্ৰপ্ৰভা.pdf/২৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

চতুৰ্থ পৰিচ্ছেদ। ১৭ এনেকুৱ| কথা চন্দ্ৰ প্ৰভাই প্ৰসন্নৰ মুখৰপৰা কেতিয়াও শুনা | নাছিল। তেওঁ ভয়ত অস্থিৰ হ'ল। আৰু একোকে বুজিব | নোৱাৰিলে। তেওঁ অজ্ঞান হৈ পৰিল, চকুৰ পানী ববলৈ ধৰিলে। তেওঁৰ জীৱনৰ ধন প্ৰসন্ন আজি কিয় এনে হ'ল? প্ৰসন্নই সেই | চিঠিখন হাতত লৈ, অস্থিৰ ভাবে কবলৈ ধৰিলে, “চন্দ্ৰ! এই চিঠিখন | কাৰ?” চন্দ্ৰপ্ৰভাই বহু কষ্টেৰে মাত ওলোৱা নোলোৱাকৈ কলে, “এই চিঠি, এই চিঠিখন মোৰ।” তেওঁৰ কথাত বাধা দি প্ৰসন্নই কবলৈ ধৰিলে, “আৰ কৰ নেলাগে, উঃ! আব ময় সহিব নোৱাৰোঁ। চন্দ্ৰ! মোক বিদায় | দিয়া, এই জন্মলৈ বিদায় ললে॥” চন্দ্ৰপ্ৰভাব মুখলৈ এবেলিও | নোচোৱাকৈ প্ৰসন্ন বেগাই গুচি গ'ল। অভাগিনী চন্দ্ৰপ্ৰভা | আচৰিত হৈ কিছু সময়ৰ নিমিত্তে পুতুলাটীৰ দৰে থিয়হৈ থাকিল | সাৱশেহত মাটীত পৰি কান্দিবলৈ ধৰিলে। সময়ে সময়ে এনে সামান্য সন্দেহৰ নিমিত্তে মানুহৰ কত অনিষ্ট হয়। আজি যদি প্ৰসন্নই অলপ ভাবি চালে হেতেন, তেনেহলে চন্দ্ৰপ্ৰভাৰ কেতিয়াও এনে দুঃখ নহল হেতেন। প্ৰসন্নই আৰু কাকো একো নুম্বুধিলে, সেই ৰাতিয়ে ধনপুৰলৈ গুচি গ'ল। দুঃখিনী চন্দ্ৰপ্ৰভাৰ ইমান দিনে কপাল ভাঙ্গিল। চন্দ্ৰপ্ৰভালৈ | শাহুয়েকব আগৰ পৰাই খং আছিল; এতিয়৷ জীয়েকৱ মুখত সকলে৷ কথ৷ শুনিবলৈ পাই চন্দ্ৰপ্ৰভাক আচলতে দোষী ভাবি তেওঁক বাপেকৰ ঘৰলৈ পঠাই দিলে।