পৃষ্ঠা:চন্দ্ৰপ্ৰভা.pdf/২২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

চন্দ্ৰপ্ৰভা। এতিয়া অসাধ্য। দেখাহোৱাৰ এটিমাত্ৰ উপায় আছিল, সিও গৈছে, তোমাৰ দেউত৷ জীয়াই থাকোতে তুমি আহিলেও সেই সময়তে দেখা হবৰ সম্ভব আছিল, কপালত আৰু তেনে সুবিধা নহ'ল। সেই নিমিত্তে এতিয়া অনুতাপ কৰা একো উচিত নহয়। আজি মোক বিদায় দিয়া, জীয়াই থাকিলে আকৌ কেতিয়াবা সাক্ষাৎ হব। ইতি— তোমাৰ একান্ত ভালপোৱা। চিঠিখন পঢ়ি, প্ৰসন্নৰ সুন্দৰ মুখখনি ভয়ঙ্কৰৰূপ ধৰিলে। আৰু গোটেই গাটে৷ কঁপিবলৈ ধৰিলে। তেওঁ আৰু থিয়হৈ থাকিব নোৱাৰিলে; পোনেই গৈ তেওঁ শোৱা কোঠালিত সোমাল। চন্দ্ৰপ্ৰভা তাতে বহি আছিল, গিৰীয়েক অহা দেখি থিয়দি হাঁহি মাৰি তেওঁৰ ফালে চালে। আৰু গিৰীয়েকৰ মনৰ ভাব দেখি বৰ আচৰ্তি হ'ল। ভয়তে তেওঁ কোনো কথা --বিধলৈকে৷ সাহ নকৰিলে। প্ৰসন্নই চন্দ্ৰক মাতলগাই কলে, ==! তুমি তোমাৰ মনৰ ভাব আগেয়ে প্ৰকাশ কৰা নাই কিয়? আগেয়ে যদি জানিলোঁ হেঁতেন, তোমাৰ হৃদয় অন্যৰূপ, আৰু আন এজনে তোমাক আশা কৰে, যদি এইটো বুজিব পাৰিলোঁ হেতেন, তেনে হলে মই আজি এই যাতনা কেতিয়াও ভুগিব নেলাগিল হেতেন! আৰু এই জন্মলৈ মোৰ জীৱনত সুখ শান্তি নোহোৱা নহল হেতেন!”